
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি অসামৰিক চিকিৎসালয়ৰ সমীপৰ লাচিত নগৰৰ নিবাসী তথা ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ দৰ্শনশাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট বাঁহীবাদক প্ৰবীন গগৈয়ে ৫৫ বয়সত শনিবাৰে বিয়লি প্ৰায় ৪ মান বজাত চিকিৎসাধীন অৱস্থাত ধেমাজি নগৰৰ চাৰিআলিস্থি কেয়াৰ নাৰ্চিংহোমত মৃত্যু হোৱা খবৰে ধেমাজিত শোকৰ ছাঁ পেলাইছে৷
জানিব পৰা মতে বিগত ছয় বছৰ ধৰি অসুস্থ হৈ থকা অধ্যাপক গগৈয়ে পৰৱৰ্তী সময়ত কিছু ভাললৈ আহিছিল যদিও পিছত আকৌ অসুখ বেছি হৈ মৃত্যু হ'ব লগা হয় ৷ উল্লেখ্য যে, ১৮ ছেপ্তেম্বৰ ১৯৬৮ চনত ধেমাজি শলিকুছিৰ ভোমোঁৰাগুৰি গাঁৱত জন্মগ্ৰহণ কৰা প্ৰবীন গগৈয়ে গাঁৱতে প্ৰাথমিক শিক্ষা লৈ ১৯৮৪ চনত ধেমাজি ল'ৰা হাইস্কুল বৰ্তমান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ ১৯৮৬ আৰু ১৯৯০ চনত ক্ৰমে ধেমাজি মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লৈ ১৯৯২ চনত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷
পঢ়াশুনা সম্পূৰ্ণ কৰি তেওঁ ২৩ আগষ্টৰ ১৯৯৫ চনত ধেমাজি বাণিজ্য মহাবিদ্যালয়ত অবৈতনিক সহযোগী অধ্যাপক হিচাপে যোগদান কৰে ৷ সৰুৰে পৰাই সাংস্কৃতিক জগতৰ সৈতে ধাউতি থকা অধ্যাপক গগৈয়ে ধেমাজি জিলাখনৰ এগৰাকী ভাল বাঁহী বাদকৰ লগতে ভাল হাৰমনিয়ামো বজাইছিল ৷
অধ্যাপক গগৈৰ মৃত্যুয়ে মহাবিদ্যালয়খনৰ লগতে ধেমাজিত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ তেখেতৰ মৃত্যুত ধেমাজি বাণিজ্য মহাবিদ্যালয়খনৰ অধ্যক্ষ,শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ একতা সভাৰ লগতে ধেমাজিৰ বিভিন্ন দল ,সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷
মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে এটি পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷