/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c5ffc383-b301-4ebd-a5d8-c6649614d9e7/AP_FOR_WEB_asia_cup.jpg)
ডিজিটেল ডেস্ক : সুযোগ সমাগত। এতিয়া মাথোঁ এই সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ। ২০১৮ চনতে এছিয়া কাপ জিকিছিল ভাৰতে। তাৰ পিছৰ পৰা সুদীৰ্ঘ ৫বছৰে কেৱল দেখিছে ব্যৰ্থতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7d407ef0-bb48-44d8-b532-d236ffda8e3b/licensed_image.jpg)
এছিয়া কাপৰ ফাইনেলত অৱতীৰ্ণ হৈছে ভাৰত আৰু ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকা। আজি দুই দেশৰ মাজত হ'ব খিতাপ দখলৰ যুঁজ। দীৰ্ঘদিনৰ অন্তত চলিত এছিয়া কাপত উন্নত প্ৰদৰ্শন কৰিছে শ্ৰীলংকা ক্ৰিকেট দলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6739d4ce-72da-4c40-a0cb-4d90721297a4/GettyImages_1371671172.jpg)
বিগত মেচসমূহত শ্ৰীলংকাই বেটে-বলে শক্তিৰ উমান দিছে। ইফালে ভাৰতেও দলীয় প্ৰদৰ্শনৰ ভিত্তিত ফাইনেলত উপনীত হৈছে। কিন্তু তাৰ মাজতে পুৰণি বেমাৰৰ উকমুকনি গুচা নাই ভাৰতীয় বেটছমেনৰ। স্পীন বলৰ প্ৰতি আছে দুৰ্বলতা। তথাপি আজিৰ মেচখনত তুলনামূলকভাৱে ভাৰতেই ফেভাৰিট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/14e11464-1783-4d2a-b574-629bf1a4ec5b/F6EvvK_boAAjPZe.jpg)
ফৰ্মত আছে শুভমন গীল,বিৰাট কোহলি, অধিনায়ক ৰোহিত শৰ্মা। আঘাতৰ পৰা সুস্থ হৈ দললৈ প্ৰত্যাৱৰ্তন কৰা কে এল ৰাহুলে বেটত ৰান পাইছে। শেষৰফালে অক্ষৰ পেটেলেও দিছে প্ৰতিভাৰ উমান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/06b9bfb0-a3f1-4645-96e0-dfbff680403c/F6E1mseaEAAHjn_.jpg)
পেচ বলিং আক্ৰমণত বুমৰাহৰ সংগী হ'ব পাৰে ছামী নাইবা চিৰাজ। স্পীন চম্ভালিব জাডেজা আৰু কুলদীপ যাদৱে। ইতিমধ্যে কুলদীপে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/51609c44-fcbd-4159-9b45-f14bd0b9b7f5/Sri_Lanka_Asia_Cup_Cricket_26_1694525330330_1694525360089.avif)
প্ৰতিপক্ষ শ্ৰীলংকাইয়ো ভাৰত বধৰ আখৰা ইতিমধ্যে সম্পূৰ্ণ কৰিছে। পাথিৰাণা হ'ব ভাৰতীয় বেটাৰৰ বাবে মূৰৰ কামোৰণি। অধিনায়ক দাছুন চানাকাৰ আছে যিকোনো মুহূৰ্ত্ততে মেচ কাঢ়ি অনাৰ ক্ষমতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/36dab6f3-431f-4abf-9f1b-ba181e967676/AFP_32MV2UL.jpg)
দলৰ নিৰ্ভৰযোগ্য বেটছমেন পাথুমো আছে ফৰ্মত। ইফালে মেচৰ পূৰ্বেই বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগলি-বতৰা। ৮০ শতাংশই আছে বৰষুণৰ সম্ভাৱনা। মেচৰ সময়ঃ বিয়লি ৩-০০ বজাত।
Also Read: ২২৮বছৰীয়া পৰম্পৰা ৰক্ষা কৰি "কালিয় দমন" ভাওনা প্ৰদৰ্শন