মঙলদৈ লাচিত নগৰ চ'কত শিৱ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ

মঙলদৈ লাচিত নগৰ চ'কত শিৱ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ

author-image
Asomiya Pratidin
New Update
মঙলদৈ লাচিত নগৰ চ'কত শিৱ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ

ডিজিটেল সংবাদ,‌মঙলদৈ : মঙলদৈৰ ৰাইজৰ উপসনাস্থলী মঙলদৈ লাচিত নগৰ চ'ক, ৭ নং ৱাৰ্ডত অৱস্থিত শ্ৰীশ্ৰী শিৱ মন্দিৰটি ১৯৭০ চনত স্থাপন কৰা হৈছিল। জানিব পৰামতে মন্দিৰটি মঙলদৈ ভুটিয়াচাং পথৰ দাঁতিত থকা বাবে প্ৰশাসনৰ তৰফৰ পৰা ৩বাৰকৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল।

Advertisment

সেয়েহে মন্দিৰটিৰ নামত আৱণ্টন দিয়া ১ কঠা ১ লেচা মাটিত বৰ্তমান ১কোটি ১৬ লাখ টকা আনুমানিক ব্যয় ধাৰ্য্য কৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। অলপতে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়।

নিৰ্মাণ কাৰ্য্যৰ আৰম্ভ কৰাৰ পিছৰে পৰা তৎপৰতাৰে কাম আগবঢ়াই ইতিমধ্যে ১খুটাত ৪টাকৈ পাইলিং কৰি মুঠ ৬৫টা পাইলিং কৰা হৈছে। লগতে পাইল কেপ, বীম, ভেটী আৰু ১৩টাকৈ মূলখুঁটাৰ কাম শুকুৰবাৰে ৰাইজৰ পূৰ্ণ সহযোগত শেষ কৰি ১ম খন চাঁদ ঢালাই কৰা হয়।

চাঁদ ঢালাইৰ শুভাৰম্ভণি কৰে দৰং জিলা পৰিষদৰ কাৰ্য্যবাহী অভিযন্তা ভৱেন বৰ্মনে। পৰিচালনা সমিতিৰ তৰফৰ পৰা তেওঁৰ লগতে মন্দিৰ নিৰ্মাণত বিশেষভাৱে সহায় কৰা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ টেঙাবাৰী নিবাসী মাধৱ শৰ্মাক সৰ্ম্বদ্ধনা জ্ঞাপন কৰা হয়।

সভাপতি তিলক চন্দ্ৰ ডেকা আৰু সম্পাদক ৰঞ্জন ডেকাই মন্দিৰ নিৰ্মাণত এতিয়ালৈ সহায়-সহযোগ কৰা সকলো ব্যক্তিক ধন্যবাদ জনায়।

Also Read: মৰিয়নিৰ তৈলক্ষেত্ৰত অবিৰতভাৱে তেল নিৰ্গমন : ক্ষতিগ্ৰস্ত শ শ বিঘা কৃষিভূমি

mangaldai