মৰিয়নিৰ তৈলক্ষেত্ৰত অবিৰতভাৱে তেল নিৰ্গমন : ক্ষতিগ্ৰস্ত শ শ বিঘা কৃষিভূমি

মৰিয়নিৰ তৈলক্ষেত্ৰত অবিৰতভাৱে তেল নিৰ্গমন : ক্ষতিগ্ৰস্ত শ শ বিঘা কৃষিভূমি

author-image
Asomiya Pratidin
New Update
মৰিয়নিৰ তৈলক্ষেত্ৰত অবিৰতভাৱে তেল নিৰ্গমন : ক্ষতিগ্ৰস্ত শ শ বিঘা কৃষিভূমি

ডিজিটেল সংবাদ,মৰিয়নি : মুম্বাইৰ অইলমেক্স নামৰ তৈল কোম্পানীটোৰ মৰিয়নিৰ চেলেংহাটস্থিত আমগুৰি ফিল্ডৰ অন্তৰ্গত ৫ নম্বৰ তৈলক্ষেত্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তৈলক্ষেত্ৰৰ পৰা অবিৰতভাৱে নিৰ্গমন হোৱা খাৰুৱা তেলে চানি ধৰিছে তৈলক্ষেত্ৰৰ সমীপৰ কৃষিভূমি।

Advertisment

ইতিমধ্যে খাৰুৱা তেলৰ বাবে ক্ষতিগ্ৰস্থ হৈছে উৰ্বৰা কৃষিভূমি।কিন্তু ইমানৰ পিচতো কানসাৰ নাই অইলমেক্স নামৰ কোম্পানী কৰ্তৃপক্ষৰ। প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কিম্বা যোৰহাট জিলা প্ৰশাসনক স্থানীয় ৰাইজে অভিযোগ প্ৰদান কৰা পাছতো বিষয়টোৰ সন্দৰ্ভত নিমাত হৈ থকাত দ্বিতীয় বাঘজানসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাত তৈলক্ষেত্ৰৰ সমীপৰ টেঙাবাৰী গাঁৱবাসী আতংকিত হৈ পৰিছে।

আনহাতে তেল বিয়পি নষ্ট হোৱা কৃষি ভূমিৰ বাবদ ক্ষতিগ্ৰস্থ কৃষকসকলক তেল কোম্পানীটোৱে প্ৰদান কৰা নাই কোনো ধৰনৰ ক্ষতিপূৰণ। ইপিনে কৃষি ভূমিকে ধৰি টেঙাবাৰী গাঁৱৰ বহু কেইটা পৰিয়ালৰ বাৰী পৰ্যন্ত তেল খাদটোৰ পৰা নিৰ্গমন হোৱা ক্ৰুড অইল বা কনডেন্স ছেট তেল বিয়পি পৰিছে।

কিন্তু অইলমেস্ক নামৰ কোম্পানীটোৱে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি কৃষি ভূমিৰ পৰা তেল নিষ্কাষণৰ ব্যৱস্থা নকৰা লগতে সুৰক্ষামূলক কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে যিকোনো মুহূৰ্ততে তেল খাদটোৰ সমীপত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ আশংকা সৃষ্টি হৈছে।

Also Read: বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰয়ৰ দেহাৱসান

oil mariyani