মঙলদৈত ই-ৰিক্সাত উঠি নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ..

মঙলদৈত ই-ৰিক্সাত উঠি নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ..

author-image
Asomiya Pratidin
New Update
মঙলদৈত ই-ৰিক্সাত উঠি নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ..

ডিজিটেল সংবাদ,মঙলদৈঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনত মঙলদৈত উপস্থিত হয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী।দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ই-ৰিক্সাত উঠি প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে।

Advertisment

মঙলদৈ পৌৰসভাৰ এলেকাত বিজেপি নেতা কৰ্মীয়ে শতাধিক ই-ৰিক্সাৰ দ্বাৰা এক সমদল উলিয়ায় বিজেপি জিন্দাবাদ,দিলীপ শইকীয়া জিন্দাবাদ ধ্বনি তুলি আকাশ বতাহ কপাই তোলে।আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰত দিলীপ শইকীয়া ১০০ শতাংশ জিকিব বুলি মন্তব্য কৰা লগতে তেলীৰ নিজ সমষ্টি ডিব্ৰুগড়ত বিজেপি জিকাটো নিশ্চিত বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Also Read: পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত শিলচৰত সোণোৱালৰ বাইক ৰেলী

rameshwar teli campaigns mangaldai rameshwar teli mangaldai bjp