পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত শিলচৰত সোণোৱালৰ বাইক ৰেলী

পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত শিলচৰত সোণোৱালৰ বাইক ৰেলী

ডিজিটেল সংবাদ,শিলচৰঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বুধবাৰে অন্তিম দিনা শিলচৰত এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত উলিওৱা এই ৰেলীত প্ৰায় ৫ হাজাৰ বাইক লৈ দহ সহস্ৰাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে।

তাৰাপুৰ ইণ্ডিয়া ক্লাবৰ পৰা যাত্ৰা আৰম্ভ কৰা বাইক ৰেলীক প্ৰতিনিধিত্ব কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয় সহ যুৱ মৰ্চা আৰু বিজেপিৰ বিভিন্ন গোটৰ কৰ্মী সকলে ৰেলীত অংশগ্ৰহণ কৰে। বাইক ৰেলী তাৰাপুৰ-চিৰুকান্দি হৈ নেচনেল হাইৱে পইন্টত সমাপ্ত হয়। ইফালে, মোডী চৰকাৰৰ ১০ বছৰীয়া শাসন কালত বৰাকৰ লোক অত্যন্ত আনন্দিত হোৱা পৰিলক্ষিত হয়। বৰাকৰ দুয়ো গৰাকী দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ এইদৰে ওলাই আহি আজি বাইক ৰেলিত অংশগ্ৰহণ কৰা বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে।

পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত শিলচৰত সোণোৱালৰ বাইক ৰেলী
বিশ্ব গ্রন্থ দিৱসত প্রকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক সম্বর্ধনা জ্ঞাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in