মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্য্যসূচী

মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্য্যসূচী

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু স্মাৰ্ট মিটাৰেৰে গ্ৰাহকক শোষণ কৰা বন্ধ কৰাৰ প্ৰতিবাদত এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

Advertisment

মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগনত হোৱা এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে।

বিক্ষোভ কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভবেশ কাকতি, ৰাজ্যিক উপদেষ্টা কমৰুল হক জিলা সমিতিৰ সভাপতি সম্পাদকসহ অৰ্ধশতাধিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই অংশ গ্ৰহণ কৰে।

Also Read: যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন

darrang