'প্ৰতিদিন টাইম'ৰ সাংবাদিক গগণ চহৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈ 'ৰেনেচাঁ বঁটা'

'প্ৰতিদিন টাইম'ৰ সাংবাদিক গগণ চহৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈ 'ৰেনেচাঁ বঁটা'

ডিজিটেল সংবাদ,‌ মঙলদৈ: দৰঙৰ বাঘৰবাৰী ৰেনেচাঁ ক্লাবে দেওবাৰে নিশা বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যখনৰ ৩১ জন ব্যক্তিলৈ ৰেনেচাঁ ক্লাবৰ বিভিন্ন বঁটা প্ৰদান কৰে। এই উপলক্ষে পুৱা সভাপতি নৱ কুমাৰ শৰ্মাই ক্লাবৰ পতাকা উত্তোলন, অৱসৰপ্ৰাপ্ত শিক্ষক চেনীৰাম ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে গছপুলি ৰোপণ কৰে শিক্ষক অতুল চন্দ্ৰ ডেকা, সমাজসেৱক কুমুদ চন্দ্ৰ শৰ্মা, সৎৰাম ডেকা, ঘনশ্যাম ডেকা, ডিগাম্বৰ ডেকা, নিৰণ ডেকা আৰু তৰুণ চন্দ্ৰ ডেকাই।

সন্ধিয়া আধুনিক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে সমাজসেৱক পংকজ নাথে। ইয়াৰ পিছতে ১০০১ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য প্ৰজ্বলক হিচাপে উপস্থিত থাকে পাৰ্থপ্ৰতিম শৰ্মা। সমাজসেৱক প্ৰণব বৰুৱাই মঞ্চ উদ্বোধন কৰাৰ পিছত দৰঙৰ সমাজকৰ্মী সত্য প্ৰসাদ ডেকা আৰু মৰিগাঁৱৰ ৰক্তদাতা বুবু অসমক 'বিপদৰ বন্ধু' উপাধি; প্ৰতিদিন টাইমৰ মঙলদৈৰ সাংবাদিক গগণ চহৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰবৰ্তীলৈ ৰেনেচাঁ বঁটা প্ৰদান কৰা হয়।

ইয়াৰ উপৰিও অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ভেৰগাঁও মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মা, কণ্ঠশিল্পী মনিন বৰুৱা, দেওমৰনৈ মহাবিদ্যালয়ৰ অধ্যাপক, কবি পল্লৱ বৰুৱা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপক চিত্তৰঞ্জন নাথ, ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতী শিক্ষক শশাংক হাজৰিকা, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য পৰাগ চহৰীয়া, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰা কণমনি নাথ, শিশু শিল্পী আশ্বাস আয়ুস্মান, প্ৰকৃতি কন্যা তামান্না শাণ্ডিল্য, সমাজসেৱক কন্দৰ্প হাজৰিকাকো 'ৰেনেচাঁ বঁটা' প্ৰদান কৰা হয়।

আনহাতে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ডা৹ বিশ্বজিৎ শৰ্মা, দেওমৰনৈ মডেল ইংলিছ স্কুলৰ অধ্যক্ষ তপন বৰুৱা, দৰং জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় ৰত্নেশ্বৰ ৰাজবংশী, ডিম্বেশ্বৰ শৰ্মা, সমাজসেৱক প্ৰফুল্ল কলিতা, সাহিত্য সংগঠক, লোক শিল্পী মুকুট হাজৰিকা, আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা ৰাজীৱ শৰ্মা, সমাজসেৱক মিণ্টুমণি কলিতা, যুৱ সাংবাদিক হাফিজুৰ ৰহমান, বালিপোতাৰ চয়নিকা ডেকা, নাগাৰা নামৰ পাঠক কবিন কলিতা, যুৱ লেখক অপূৰ্ব শৰ্মা, ব্যবসায়ী কন্দৰ্প বৰুৱাক ৰেনেচাঁ ক্লাবৰ 'একাঁজলি মৰম' প্ৰদান কৰা হয়।

দেওবাৰে নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই। অনুষ্ঠানত শিল্পী মনিন বৰুৱা, আশ্বাস আয়ুস্মান আৰু গংগা চেত্ৰীয়ে গীত পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে।

'প্ৰতিদিন টাইম'ৰ সাংবাদিক গগণ চহৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈ 'ৰেনেচাঁ বঁটা'
পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক হত্যা : হত্যাকাণ্ডত জড়িত সন্দেহত আন এজনক প্ৰহাৰ কৰি হত্যা সমৰ্থকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in