/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a9f79364-0987-4ceb-9a58-aee06957c2dd/dhula.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: অসম চৰকাৰে ৰাইজক ২৪ ঘন্টা বিদ্যুৎ প্ৰদানৰ যি সপোন দেখুৱাইছিল তাৰ বাস্তৱস্বৰূপ ইতিমধ্যেই অসমৰ ৰাইজে দেখিছে। সমগ্ৰ অসমতেই এতিয়া প্ৰতিদিনে সাধাৰণ জনতাই প্ৰতিবাদ কৰিব লগীয়া হৈছে বিদুৎ বিভাগৰ বিৰুদ্ধে। সমান্তৰালভাৱে দৰঙৰ ধূলাতো বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে শ শ মহিলা।
সম্প্ৰতি বিদ্যুৎ বিভাগৰ কাণ্ডত অতিষ্ঠ হৈ পৰিছে ধূলা বাসী ৰাইজ। কোনো জাননী নিদিয়াকৈ ট্ৰানছফৰ্মাৰ কাটি দিয়াৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। সেয়ে বৃহস্পতিবাৰে ৰাতি দৰঙৰ ধূলাত শ শ পুৰুষ-মহিলা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথত "বিদ্যুৎ বিভাগ হাই হাই", "APDCL হাই হাই", "অসম চৰকাৰ হাই হাই" শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
জানিব পৰা মতে, ধূলাৰ টাংনিত বিদ্যুৎ বিল অনাদায় থকাৰ বাবে ট্ৰানছফৰ্মাৰ কাটি দিছে বিদ্যুৎ বিভাগে। কিন্তু যিসকল গ্ৰাহকৰ বিল অনাদায় হৈ আছে সেই সকলৰ বিদ্যুৎ কৰ্তন কৰি বিল আদায় থকা গ্ৰাহকসকলক বিদ্যুৎ যোগান ধৰিবলৈ প্ৰতিবাদত নামে ধূলাৰ ৰাইজ ।