/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/51abcd38-4238-44c0-bdc1-53953f907b53/natok.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ : সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি।শিৱসাগৰৰ একাংশ আধুনিক চিন্তা-চৰ্চাত ব্যস্ত যুৱকৰ প্ৰচেষ্টা আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা সদৌ অসম শিশুনাট সমাৰোহৰ সফলভাৱে সামৰণি পৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dc067846-3aed-4979-9b67-ccd7ce3f1de9/6d80f0ce_5e0b_4f2d_8ca0_dc8e56bcaadc.jpg)
উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি দুয়োটা দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৬ টা শিশু নাট্যদলে এই সমাৰোহত অংশগ্ৰহণ কৰে ৷ শিশু শিল্পীসকলৰ সাৱলীল অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f006bd00-fab6-42f2-893e-8fc72da3e0ff/6b66cfb5_78dc_49a7_8ad5_32bdbeb07b0d.jpg)
এই সমাৰোহত ৩৬ টা দলৰ ভিতৰত শ্ৰেষ্ঠ নাট্যদল হিচাপে যুটীয়াভাৱে সন্মান লাভ কৰে লখিমপুৰ বৰবালিৰ বংশীবাদন নাট্যসমাজ আৰু দেৰগাঁৱৰ দাধৰা ৰূপজ্যোতি মইনা পাৰিজাত নাট্যদলে ৷ বংশীববদন নাট্যসমাজে ৰাতুল হাজৰিকাই পৰিচালনা কৰা নাট্যকাৰ ভদ্ৰেশ্বৰ নেওগৰ “ নিগনি” নামৰ নাটখন মঞ্চস্থ কৰিছিল ৷
নাটখনৰ পৰিচিলকগৰাকীয়ে দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক আৰু পুলক শৰ্মাই শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ সন্মান লাভ কৰে ৷ নিগনি নাটকত শিশু শিল্পীসকলে বাস্তৱিকতেই বলিষ্ঠ অভিনয় কৰে ৷
দাধৰা ৰূপজ্যোতি মইনা পাৰিজাত নাট্যদলে পংকজ ৰাজখোৱাৰ পৰিচালনাত নাট্যকাৰ দেৱব্ৰত মহন্তৰ “ ভেকুলা মহাজনৰ বিলৈ” নামৰ নাটখন মঞ্চস্থ কৰিছিল ৷ এইখন নাটকৰ কাউৰী চৰিত্ৰত অভিনয় কৰা নৱনিশা বৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/26e83c43-b825-4077-af55-38075687ce29/42e8259b_df80_4f99_b2bb_84cf979323e3.jpg)
তদুপৰি একেখন নাটকখনৰ শুভ্ৰজ্যোতি বৰাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে ৷ দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান যুটীয়াভাৱে লাভ কৰে বিশ্বনাথ চাৰিআলিৰ পঞ্চতাৰকা নাট্যদল আৰু লখিমপুৰ মাকোৱাৰীৰ পূবেৰুণ মইনা পাৰিজাত নাট্যদলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/05e82b20-94d0-4c59-b3a1-257ebf6dbade/d8f3fab9_acb1_4718_9c7f_e5613c8f8d7d.jpg)
পঞ্চতাৰকা নাট্যদলে জিংকু বৰুৱাই পৰিচালনা কৰা নাট্যকাৰ কৃষ্ণ ভূঞাৰ “ মেইন ভাও কোনে ল’ব ” উপস্থাপন কৰাৰ বিপৰীতে পূবেৰুণ মইনা পাৰিজাতে নিতুল ভূঞাৰ “ কুৰুক্ষেত্ৰত ধেমালি ” নামৰ নাটখন মঞ্চস্থ কৰিছিল ৷ এই নাটখনৰ পৰিচালকে তৃতীয় শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4e465b08-1206-4d8c-9dce-804c4bb62715/695453d9_208e_4219_a967_26934af910b6.jpg)
শিৱসাগৰ চহৰৰ আদৰ্শ শিক্ষা ভৱনৰ নাট্য দলে " আমি কৰোঁ টোৰ টোৰ / মেঘে কৰে গুৰ গুৰ " নাটক মঞ্চস্থ কৰি তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰাৰ লগতে গাৰ্গী গগৈয়ে শ্ৰেষ্ঠ সহ অভিনেত্ৰী বঁটা আৰু বুঢ়ীৰ চৰিত্ৰত অভিনয় কৰা গাৰ্গী গগৈয়ে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ সন্মান লাভ কৰে। তদুপৰি নাট্য দলটোৱে শ্ৰেষ্ঠ ৰূপসজ্জা বঁটা আৰু ৰূপম নীল বড়াই তৃতীয় শ্ৰেষ্ঠ কলা - নিৰ্দেশক বঁটা লাভ কৰে।
নাটকখনৰ নাট্যকাৰ উজ্জ্বল খনিকৰ আৰু পৰিচালনা কৰে চন্দন গগৈয়ে ৷ নাট সমাৰোহৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্য ৰপে পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ ইউ জি ড্ৰামা ক্ৰিয়েচনে ৷ এই দলটোৱে নাট্যকাৰ মানসজ্যোতি বৰাৰ “দ্য আনএক্সপেকটেড ষ্টৰী” নামৰ নাটখন প্ৰণৱ পিটিকনৰ পৰিচালনাত মঞ্চস্থ কৰিছিল ৷ পৰিচালক গৰাকীয়ে তৃতীয় শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3e9d55f1-d5bc-4c55-92ba-261db7e68dc0/f7b9c23e_af30_4038_aa3d_775100374c49.jpg)
সমাৰোহত প্ৰথম প্ৰেৰণা বঁটা লাভ কৰে শিৱসাগৰ কালুগাঁৱৰ সন্মিলিত শিল্পী সমাজে ৷ এই শিশু নাট্যদলে নাট্যকাৰ মানসজ্যোতি বৰাৰ “ মাষ্টাৰ লাবুমণি ” নামৰ নাটখন উপস্থাপন কৰিছিল ৷ এইখন নাটকৰ লাবুমণি চৰিত্ৰত অভিনয় কৰা প্ৰিয়ানুজ প্ৰতীম বৰাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৷
দ্বিতীয় প্ৰেৰণা বঁটা লাভ কৰে বানমুখৰ উদয়ন যুৱ সমাজৰ শিল্পী দলে ৷ তেওঁলোকে নাট্যকাৰ দীপক মহন্তৰ “ যাদুঘৰ ” নামৰ নাটখন টিকেন্দ্ৰজিৎ দাসৰ পৰিচালনাত মঞ্চস্থ কৰিছিল ৷ এই নাটকখনৰ কাকুমণি চাংমাইয়ে দ্বিতীয় শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ca4554d7-31e7-42c9-a763-0f8e56786e6e/2724261d_78f4_41bc_9d75_646bd174089d.jpg)
তৃতীয় প্ৰেৰণা বঁটা লাভ কৰে বঙাইগাঁও মানিকপুৰৰ আকাশ নাট্যদলে ৷ তেওঁলোকে মিন্টু ৰয়ৰ “ বোজা” নামৰ নাটখন মঞ্চস্থ কৰাৰ বিপৰীতে হাঁহচৰা ভুৱন গগৈ পুথিভঁৰালৰ নাট্যদলে নাট্যকাৰ পাকিজা বেগমৰ “ সৰু ধেমালি বৰ ধেমালি ” নাটখন দীপাংকৰ ফুকনৰ পৰিচালনাত মঞ্চস্থ কৰি চতুৰ্থ প্ৰেৰণা বঁটা লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/597cad0a-773c-4c45-b304-ac60a1949a7d/091057af_1b28_460f_9850_3180012f0a1e.jpg)
এই নাটকখনৰ পেলুৰ চৰিত্ৰত অভিনয় কৰি প্ৰদ্যুম্ন গগৈয়ে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান লাভ কৰাৰ লগতে আইচেংফা বৰুৱাই প্ৰথম প্ৰতিভাৱান শিশু অভিনেত্ৰীৰ বঁটা লাভ কৰে ৷ পঞ্চম প্ৰেৰণা বঁটা লাভ কৰে জামুগুৰিহাটৰ কলাগুৰু নাট্যগোষ্ঠীয়ে পৰিবেশন কৰা “ জোনাকীৰ পৃথিৱী ” নাটৰ যোগেদি ৷ “বলীয়াবাৰীৰ সাধু ” নামৰ নাটখন মঞ্চস্থ কৰা যোৰহাটৰ মঞ্জুলা কলাকেন্দ্ৰৰ দলটোৱে ষষ্ঠ প্ৰেৰণা বঁটা লাভ কৰে।
এই শিশু নাট সমাৰোহত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে বিশ্বনাথ চাৰিআলিৰ পঞ্চতাৰকা নাট্যগোষ্ঠী “ মেইন ভাও ল’ব কোনে ” নাটখনত হেমন্তৰ চৰিত্ৰত অভিনয় কৰা চিন্ময় হাজৰিকাই ৷ এইখন নাটকৰ পৰিচালক জিংকু বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ৷
শিৱসাগৰ ৰংমন নাট্যদলৰ “ বুঢ়া বুঢ়ী আৰু শিয়াল” নাটকৰ বুঢ়ীৰ চৰিত্ৰত অভিনয় কৰা আশিষ্ঠা প্ৰিয়ম সন্দিকৈয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে ৷ শিৱসাগৰৰ “মাছ” নাটকৰ ৰংমন চৰিত্ৰত অভিনয় কৰা শিৱাংগ প্ৰিয়ম দত্তই তৃতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৷
বানমুখৰ ৰহমত নাটকৰ নয়নী চৰিত্ৰত অভিনয় কৰা জলভিয়া গগৈয়ে তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে ৷ জেউতি মইনা পাৰিজাতৰ “ মাখিয়ে মিঠৈ খালে” নাটকৰ দোকানী লটকনৰ চৰিত্ৰত অভিনয় কৰা নীলিম বড়াই দ্বিতীয় শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান লাভ কৰে ৷
কোৱঁৰপুৰ কাড়ীগাওঁ শিশু বিকাশ কেন্দ্ৰই পৰিবেশন কৰা ৰাজশংকৰাচাৰ্য বৰুৱাৰ “ ডাষ্টবিন ” নাটকত অভিনয় কৰা দৰথিদিয়া বৰুৱাই দ্বিতীয় শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী আৰু প্ৰাচ্য কোৱঁৰে তৃতীয় শ্ৰেষ্ঠ সহঃ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ৷ তৃতীয় শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ সন্মান লাভ কৰে শিৱসাগৰৰ “কবিতাৰ চন্দত এসাজৰ গদ্য আৰু পদ্য নাটকত অভিনয় কৰা সংস্কৃতা বৰুৱাই।
“মাছ” নাটকৰ কৈলাশ নেওগে দ্বিতীয় শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা লাভ কৰে ৷ “ আমি একেখন নাৱৰে যাত্ৰী” নাটকৰ বিভংশু বৰাই প্ৰথম প্ৰতিভাৱান শিশু অভিনেতা, “ অ আ ক খ ইত্যাদি ” নাটকৰ প্ৰজ্ঞান পলাশ গগৈয়ে দ্বিতীয়,“ সপোন দিঠক ” নাটকৰ ভক্তিমন্ত গগৈয়ে তৃতীয়, “ বন্য আৰণ্য আৰু আমি ” নাটকৰ দেৱাশিস চাংমাইয়ে চতুৰ্থ, “ বুঢ়া বুঢ়ী আৰু শিয়াল” নাটকৰ স্বস্ত্যয়ন গগৈয়ে পঞ্চম, “মাখিয়ে মিঠৈ খালে ” নাটকৰ হীৰকজ্যোতি বৰাই ষষ্ঠ, “ দূৰদৰ্শী অদূৰদৰ্শী আৰু প্ৰত্যুৎপন্নমতি ” নাটকৰ কাবাম দুৱৰীয়ে সপ্তম, অভিনৱ জ্যোতি সোণোৱালে অষ্টম “ অন্য এক নতুন ঠিকনা” নাটকৰ পিয়ানু গগৈয়ে নৱম আৰু “ এজাক ৰঙীন পখিলাৰ সাধু ” নাটৰ গৌৰাঙ্গ বেজবৰুৱাই দশম প্ৰতিভাৱান শিশু অভিনেতাৰ বঁটা লাভ কৰে ৷
“ দাইল ভাত ভাজি ভোজ মেল আজি” নাটৰ অনুসূয়া গগৈয়ে দ্বিতীয় প্ৰতিভাৱান শিশু অভিনেত্ৰী, “এজাক ৰঙীন পখিলাৰ সাধু” নাটকৰ উৰ্বি চেতিয়াই তৃতীয়, “ মইনা চৰাই মইনা মাত ” নাটকৰ আৰ্টিকা নেওগে চতুৰ্থ, “ জোনাকীৰ পৃথিৱী” নাটৰ ইন্দিৰা শইকীয়াই পঞ্চম, “ কি আচিল কি হ’বগৈ সময়” নাটৰ হেপী শইকীয়াই ষষ্ঠ, “ ভেকুলা মহাজনৰ বিলৈ ” নাটৰ খ্যাতি নন্দিনীয়ে সপ্তম, “মইনা চৰাই মইনা মাত” ৰ অজশ্ৰী শইকীয়াই অষ্টম, “ সংস্কাৰ” নাটকৰ ৰিম্পী গগৈয়ে নৱম আৰু বোজা নাটকৰ নৱনীতা ৰয়ে দশম বঁটা লাভ কৰে ৷
কনমানি শিশু অনুপ্ৰেৰণা বঁটা লাভকৰে ক্ৰমে আষিশ বৰা, চানদীপ হাজৰিকা, আদিত্য ৰঞ্জন গগৈ, অবেলিয়া চুতীয়া আৰু অৰ্ণিবান বৰঠাকুৰে ৷ মানসজ্যোতি বৰাক মাষ্টৰ লাবুমণি নাটকৰ বাবে শ্ৰেষ্ঠ পাণ্ডুলিপিৰ বঁটা, ডাষ্টবিনৰ বাবে ৰাজ শংকৰাচাৰ্য বৰুৱাক দ্বিতীয় আৰু বলীয়াবাৰীৰ সাধুৰ বাবে ড° ৰুবী বৰাক তৃতীয় শ্ৰেষ্ঠ পাণ্ডুলিপিৰ বঁটা প্ৰদান কৰা হয় ৷ কুৰুক্ষেত্ৰত খেলিমেলি নাটৰ অভিলাষ কাশ্যপক শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা প্ৰদান কৰা হয় ৷
এই সমাৰোহতেই বিশিষ্ট লোকবাদ্য শিল্পী দ্বিজেন গগৈক “ সৌৰভ প্ৰাণ শিৱসাগৰ” বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় ৷ গুৱাহাটীৰ বিশিষ্ট নাট্যকাৰ অঞ্জন ভূঞালৈ “ তাৰিণী চেতিয়া সোঁৱৰণি অসম নাট্যজ্যোতি বঁটা আৰু ধেমাজিৰ বিশিষ্ট নাট সংগঠক নৱজ্যোতি দত্তক কিৰণ গগৈ সোঁৱৰণী অসম নাট্য অৰুণোদয় বঁটা প্ৰদান কৰা হয় ৷
ৰামধেনু যুগৰ কবি বেণু চিৰিং সোঁৱৰণি মঞ্চত অনুষ্ঠিত বঁটা বিতৰণী সভাত পাৰ্থ প্ৰতীম বৰা, জিতুজ্যোতি গায়ন, আকাশ দুৱৰী, ডা° গোবিন্দ সন্দিকৈ, প্ৰশান্ত বৰগোহাঁই, ৰমা গগৈকে ধৰি সমূহ উদ্যোক্তা উপস্থিত থাকে ৷ উল্লেখ্য যে শিৱসাগৰ নাট্য বিদ্যালয়ে ৰংপুৰ বাৰ্তা, খোজ, বৰ্ণম, ৰংমন, যুগান্তৰ, সংগ্ৰামী সেনা অসম আৰু সুৰ সমলয়ৰ উদ্যোগত দ্বাদশ বৰ্ষৰ বাবে শিশু নাট সমাৰোহ অনুষ্ঠিত কৰা হয় ৷
Also Read: অৰুণাচলী সুৰাসহ আটক সৰবৰাহকাৰী