NHM ৰ কেলেংকাৰীঃ মঙলদৈ চিভিল হাস্পতালৰ গাণনিকক আটক...

জিলা আয়ুক্তই দাখিল কৰিলে এজাহাৰ

author-image
Asomiya Pratidin
New Update
NHM ৰ কেলেংকাৰীঃ মঙলদৈ চিভিল হাস্পতালৰ গাণনিকক আটক...

NHM ৰ কেলেংকাৰীঃ মঙলদৈ চিভিল হাস্পতালৰ গাণনিকক আটক...

ডিজিটেল ডেস্কঃ দৰং জিলা আয়ুক্তৰ এজাহাৰৰ ভিত্তিত আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গাণনিক ভৱেন ডেকাক আটক কৰিলে আৰক্ষীয়ে। জানিব পৰা মতে দৰঙৰ এন এইছ এমৰ বিভিন্ন আচঁনিৰ কেইবা লাখ টকাৰ বিত্তীয় গাফিলতিৰ অভিযোগ উঠিছিল ভৱেন ডেকাৰ বিৰুদ্ধে।

Advertisment

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অভিযোগ দাখিল কৰিছিল বিশেষ ব্যক্তিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাৰ আয়ুক্তই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি মঙলদৈ থানাত এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে মঙলদৈ আৰক্ষীয়ে আটক কৰিছে গাণনিক ডেকাক।‌ সম্প্ৰতি মঙলদৈ থানাত সোধপোচ কৰি থকা হৈছে ডেকাক। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ডেকাৰ উপৰিও এই কেলেংকাৰীত জড়িত থকা আন কেইবাজনো বিষয়া তথা ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

Also Read: তাজ হোটেল, মুম্বাইৰ বিমান বন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি...

মঙলদৈ