হাতীমাৰা নগাঁৱত নাট কৰ্মশালাৰ সামৰণি

হাতীমাৰা নগাঁৱত নাট কৰ্মশালাৰ সামৰণি

author-image
Asomiya Pratidin
New Update
হাতীমাৰা নগাঁৱত নাট কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ হাতীমাৰা নগাঁও হিৰাপাৰা প্ৰাথমিক বিদ্যালয়ত সাধনা যোগ কেন্দ্ৰৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সহযোগত ২১ জুলাই ৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে । পাঁচদিনীয়া বিশেষ নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠানত অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰে।

Advertisment

উক্ত কাৰ্যসূচীত প্ৰথমে আদৰণি ভাষণ আগবঢ়াই অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ উপ-সভাপতি প্ৰাণেশ্বৰ শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকি নাট কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ আৰু শুভেচ্ছামুলক বক্তব্য আগবঢ়াই কেইবাগৰাকী নাট্যকৰ্মী তথা সাংস্কৃতিক কৰ্মীয়ে।

তেঁওলোক হৈছে- অসম নাট্য সন্মিলন স্বৰ্ণপীঠ মণ্ডলৰ কেন্দ্ৰীয় সম্পাদক কুমাৰেশ দত্ত,অসম নাট্য সন্মিলন দৰং জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ ৰাজবংশী, সম্পাদক হিৰেন ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট নাট্যকাৰ হেমচন্দ্ৰ কলিতা, পথৰু সমন্বয় গোষ্ঠীৰ সম্পাদক মোস্তাক হুছেইন, বিশিষ্ট অভিনেতা তথা জেংৰাই নাট্য গোষ্ঠীৰ বিষয়ববীয়া বিশ্বজিৎ ডেকা।

ইয়াৰোপৰি পাথৰিঘাট মহকুমা কৃষি কেন্দ্ৰৰ কৰ্মচাৰী প্ৰণৱ জ্যোতি নাথ , অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ গোস্বামী, নগাঁও প্ৰগতি সংঘৰ সভাপতি কমলাকান্ত কলিতা, সমাজকৰ্মী ভৱকান্ত ডেকা, নগাঁও প্ৰগতি সংঘৰ সম্পাদক সত্য দাস,অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ উপ সভানেত্ৰী বিনীতা চহৰীয়া, শিক্ষক পৰাগ গোস্বামী, সমাজকৰ্মী চৈতন্য কলিতা,অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সহকাৰী সম্পাদক পাৰ্থজিৎ কুমাৰ, সাংগঠনিক সম্পাদক জিৎকমল বৰুৱা।

প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলকৰ অভিভাৱকৰ তৰফৰ পৰা বক্তব্য আগবঢ়াই অভিভাৱিকা কাকলি বশিষ্ঠ, নাট পশিক্ষণ প্ৰদান কৰা জেংৰাই নাট্য গোষ্ঠীৰ সদস্য হিমাংশু শৰ্মা,পুলকেশ বড়ো ,নিবেদীতা বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। তন্ময় গোস্বামীয়ে এটি যোগ নৃত্যৰে উপস্থিত সকলোকে আপ্লুত কৰে আৰু নাট কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে দুখন নাট প্ৰদৰ্শন কৰে।

সাধনা যোগ কেন্দ্ৰৰ সঞ্চালিকা হীৰামনি গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়াই আৰু উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। এই নাট কৰ্মশালাত মূখ্য প্ৰশিক্ষক বিশিষ্ট অভিনেতা নাট্য কৰ্মী বিশ্বজিৎ ডেকাই উপস্থিত সকলোকে শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়।

নাট কৰ্মশালাত বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াই সকাহ বেচৰকাৰী সংস্থা আৰু মানৱ কল্যাণ সংস্থাই । এই বিশেষ পাঁচদিনীয়া নাট কৰ্মশালাত প্ৰায় ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

Also Read: গোলাঘাট জিলাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

MANGADAI drama workshop