ধনশ্ৰীঘাটৰ বাতৰি কাকত বিক্ৰেতা মুন চন্দ্ৰ ভাগৱতীৰ অকাল বিয়োগ...

ধনশ্ৰীঘাটৰ বাতৰি কাকত বিক্ৰেতা মুন চন্দ্ৰ ভাগৱতীৰ অকাল বিয়োগ...
ধনশ্ৰীঘাটৰ বাতৰি কাকত বিক্ৰেতা মুন চন্দ্ৰ ভাগৱতীৰ অকাল বিয়োগ...

ডিজিটেল সংবাদ ওৰাং: ভোগালীৰ আনন্দ উল্লাসৰ মাজতে ধনশ্ৰীঘাটৰ যুৱ ব্যৱসায়ী তথা বাতৰি কাকত বিক্ৰেতা মুন চন্দ্ৰ ভাগৱতীৰ(৫২) অকাল বিয়োগত সমগ্ৰ ধনশ্ৰীঘাটবাসী আজি শোকত ভাগি পৰে। উৰুকাৰ নিশা আনন্দৰে পৰিয়ালৰ সৈতে ভোগালীৰ ভোজ ভাত খোৱা ভাগৱতীৰ হঠাৎ উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাত ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল৷

দুদিন ধৰি তেওঁক আই চি ইউ আৰু ক'মাত ৰাখে যদিও আজি পুৱা প্ৰায় ৮-৩০ বজাত সংসাৰৰ মায়া মোহ এৰি সকলোকে কন্দুৱাই ভাগৱতীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ দীৰ্ঘ বছৰ ধৰি ওৰাঙৰ জে বি নিউজ এজেঞ্চিৰ জৰিয়তে ধনশ্ৰীঘাট অঞ্চলত বাতৰি কাকত যোগান ধৰি আহিছিল ভাগৱতীয়ে।

অঞ্চলটোৰ জনপ্ৰিয় যুৱ ব্যৱসায়ী মুনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ধনশ্ৰীঘাটৰ ব্যৱসায় প্ৰতিস্থানসমূহ বন্ধ কৰি শোক প্ৰকাশ কৰে৷ মৃত্যুৰ সময়ত পুত্ৰ-কন্যা পত্নীসহ বহু আত্মীয়ক এৰি যায়৷

তেখেতৰ মৃত্যুত পূৱ ওদালগুৰি সাংবাদিক সন্থা সভাপতি মুনিনন্দ্ৰ কলিতা সম্পাদক যতীন ডেকা, জে বি নিউজ এজেঞ্চি, ধনশ্ৰীঘাট ব্যৱসায় সন্থাই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ ইপিনে কনিষ্ঠ ভাতৃ গোবিন্দ ভাগৱতীয়ে সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ককায়েকৰ খবৰ লৈ ঘৰ অভিমুখে খোজ কাঢ়ি আহি থাকোতে ২ নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমিপত এক পথ দুৰ্ঘটনাত পতিত হয়।

এখন বাইকে তেওঁক খুন্দা মৰাৰ ফলতে সংঘটিত হোৱা এই দুৰ্ঘটনাত তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এখন হাত ভাঙিছে। স্থানীয় অগনন লোকে আজি পৰিয়ালটোৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে।

ধনশ্ৰীঘাটৰ বাতৰি কাকত বিক্ৰেতা মুন চন্দ্ৰ ভাগৱতীৰ অকাল বিয়োগ...
অভিনেতা-গায়কৰ 'ৰাজনীতি' চিনেমা উদ্যোগৰ বিপদঘণ্টা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in