দীলিপ শইকীয়াক মঙলদৈ প্ৰেছ ক্লাবৰ সম্বৰ্ধনাঃ দুটা বিষয়ক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ...

দৰং-ওদালগুৰি সমষ্টিৰ উন্নয়নৰ বাবে নতুন ৰূপত কাম কৰিম- দিলীপ শইকীয়া

author-image
Asomiya Pratidin
New Update
দীলিপ শইকীয়াক মঙলদৈ প্ৰেছ ক্লাবৰ সম্বৰ্ধনাঃ দুটা বিষয়ক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ...

দীলিপ শইকীয়াক মঙলদৈ প্ৰেছ ক্লাবৰ সম্বৰ্ধনাঃ দুটা বিষয়ক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ...

ডিজিটেল সংবাদ মঙলদৈ: 'দৰং ওদালগুৰি সমষ্টিৰ ৰাইজে দ্বিতীয় বাৰৰ বাবে মোক বিপুল ভোটত জয়লাভ কৰোৱাৰ বাবে বাবে ৰাইজক ধন্যবাদ জনাইছোঁ। সাংসদ হিচাবে শপত গ্ৰহণ কৰিয়েই সংসদৰ কায্যক্ৰমণিকা ৩৭৭ নিয়ম অনুসৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৰাষ্ট্ৰীয় ঘাই পথটি চাৰিলেন যুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰোঁ।' শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাবে আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই।

Advertisment

অনুষ্ঠানত শইকীয়াই কয় যে, পূৰ্বেও সাংসদ হিচাপে দায়িত্বত থকাৰ সময়ত তেওঁ মূলতঃ দুটা বিষয়ক অগ্ৰাধিকাৰি দিছিল। দৰং জিলাক ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰি লেনযুক্ত পথলৈ উন্নিত কৰা।

এইবাৰো এই দুই বিষয়ে প্ৰথম অগ্ৰাধিকাৰ দিয়া বুলি উল্লেখ কৰি শইকীয়াই কয় যে, যিহেতু দৰং ওদালগুৰি এটা নতুন লোকসভা সমষ্টি, গতিকে সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ, দাবীসমূহ সংসদৰ মজিয়াত শক্তিশালী ৰূপত উপস্থাপন কৰিব লাগিব।মঙলদৈ প্ৰেছ ক্লাবৰ বিদায়ী সভাপতি মদন চন্দ্ৰ বৰুৱাই আঁত ধৰা সভাখনত যুব সাংসদগৰাকীয়ে কয় যে তেওঁ ৰাইজৰ অভাৱ, অভিযোগ দূৰ কৰাৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰি যাব।

সমষ্টিটোৰ একাংশ ৰাইজ বানপানীৰ কবলত পৰাৰ বাবেই তেও দিল্লীৰ পৰা কামৰ মাজতো আহি খা-খবৰ লোৱাৰ লগতে সকলো বানপীড়িতক বান সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনক নিৰ্দেশনা দিয়াৰ বিষয়েও জানিব দিয়ে। আনহাতে নৱ নিৰ্বাচিত সংসদৰ কায্যক্ৰমণিকা চলাই নিবলৈ অধ্যক্ষই তেওঁক সভাপতিৰ পেনেলত অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষকো ধন্যবাদ জ্ঞাপন কৰি এয়া তেওঁৰ সামাজিক জীৱনৰ বাবে বিৰল সন্মান বুলিও অভিহিত কৰে।

মঙলদৈ প্ৰেছ ক্লাব নামটোৱেই মঙলদৈবাসীৰ লগতে সাংসদগৰাকীৰ বাবে আৱেগ বুলি অভিহিত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকসকলৰ কল্যাণৰ কাৰনে কাম কৰি যাব বুলি কয়। মঙলদৈ প্ৰেছ ক্লাবৰ নব নিৰ্বাচিত সভাপতি হোমেন কাকতি, উপ-সভাপতি মুকুট ৰাজ শৰ্মা আৰু সাধাৰণ সম্পাদক লক্ষীনন্দন কলিতাই তেওক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনায়।

আনহাতে প্ৰেছ ক্লাবৰ অধিবেশন উপলক্ষে প্ৰকাশিত স্মৰণিকা প্ৰদান কৰে সম্পাদক বাবুল মকচেদ আহমেদে। অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজোতি দাস, অগপৰ দৰং জিলা সমিতিৰ সম্পাদক স্বৰাজ ডেকা, বিজেপিৰ দৰং জিলা সমিতিৰ উপ-সভানেত্ৰী শেৱালি গোস্বামী কলিতা, মঙলদৈ উন্নয়ন প্ৰাধিকাৰী প্ৰতাপ বৰদলৈ, সাংবাদিক প্ৰবীণ বৰুৱা, লোকেশ্বৰ বৰুৱা, প্ৰাঞ্জল মহন্ত, গৌতম চহৰীয়া, কৌশিক ভৰদ্বাজ, প্ৰাঞ্জল শৰ্মা, পংকজ চৰকাৰ, নিকুঞ্জ কাশ্যপ আদি ব্যক্তিসকল উপস্থিত থাকে।

Also Read: ১৯ জুলাইত ছবিগৃহত 'বিদুৰভাই': ট্ৰেইলাৰ মুহিছে দৰ্শকক...

মঙলদৈ দিলীপ শইকীয়া