মঙলদৈত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুতঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

মঙলদৈত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুতঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰঙৰ স্বাস্থ্য খণ্ডলৈ অশনি সংকেত কঢ়িয়াই আনিছে অবৈধ মিঠাই কাৰখানাসমূহে। জিলাখনৰ মঙলদৈ চহৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত সম্প্ৰতি এখনৰ পাছত সিখনকৈ প্ৰায় অর্ধশতাধিক মিঠাই কাৰখানা অস্বাস্থ্যকৰ পৰিৱেশত গঢ়ি উঠিছে। চহৰখনৰ প্ৰফুল্ল নগৰ, বাঘপৰি, বান্দিয়াকে ধৰি একাধিক স্থানত লেতেৰা আৰু দুৰ্গন্ধময় পৰিৱেশত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ মিঠাই, লাডু-পিঠা, গজা, খাজা, খুর্মা, নিমকি আদিৰ অসাধু ব্যৱসায়ীসকলে জিলাখনৰ প্ৰতিটো স্থানলৈ গৈ দি থৈ আহে আৰু সন্ধিয়া টকা সংগ্ৰহ কৰেগৈ।

কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ এইদৰেই চলাই গৈছে এই ৰমৰমীয়া বেহা। সম্প্রতি অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা এইসমূহ খাদ্য বস্তুৰ পৰা যিকোনো সময়ত বিপদ ঘটাৰ আশংকাত ভুগিছে সচেতন ৰাইজে । ৰাজ্যখনৰ বিয়াগোম স্বাস্থ্য বিভাগে কোনো দিনেই পৰিদৰ্শন কৰা নাই এইসমূহ কাৰখানা। সময়ে সময়ে প্রশ্ন উত্থাপন হয় যে- কাৰ আশীৰ্বাদত এইসকল ব্যৱসায়ীয়ে এইদৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ? এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাক লৈয়ো চিন্তিত হৈ পৰিছে জিলাখনৰ জনসাধাৰণ ।

মঙলদৈত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুতঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ
বটদ্ৰৱাৰ সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ নামঘৰৰত চুৰিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in