খেল মহাৰণ আৰু অসম সাংস্কৃতিক মহাসংগ্ৰামৰ পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

খেল মহাৰণ আৰু অসম সাংস্কৃতিক মহাসংগ্ৰামৰ পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author-image
Asomiya Pratidin
New Update
খেল মহাৰণ আৰু অসম সাংস্কৃতিক মহাসংগ্ৰামৰ পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ডিজিটেল সংবাদ,‌মঙলদৈ : দৰং জিলাৰ অভিভাৱক মন্ত্ৰী তথা পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বুধবাৰে মঙলদৈত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আবেলি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলাখনত চলি থকা খেল মহাৰণ,অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ লগতে মিছন বসুন্ধৰা আৰু অন্যান্য উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

Advertisment

সভাত মন্ত্ৰীগৰাকীয়ে কয় যে,অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণৰ দৰে কাৰ্যসূচীয়ে ৰাজ্যখনৰ চুকে-কোণে থকা সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ বাবে মঞ্চ দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এই দুই কাৰ্যসূচীৰ সফল ৰূপায়নে যুৱপ্ৰজন্মৰ প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকৰ উত্তৰণৰ পথ প্ৰশস্ত কৰিব ।

ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকী সকলোৰে শলাগৰ পাত্ৰ বুলি মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰে। সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণত অংশগ্ৰহণ কৰি যোগ্য বিবেচিত হোৱা সকলে যাতে ৰাজ্যিক পৰ্যায় আৰু তাৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ সুবিধা লাভ কৰে তাৰবাবে সংশ্লিষ্ট সকলোৱে প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব বুলি তেওঁ কয়।

পৰ্যালোচনা সভাত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।

Also Read: প্ৰাক্তন অধ্যাপক,মন্ত্ৰী গুণীন হাজৰিকাৰ ওপজাদিনত অভিনন্দন গ্ৰন্থ উন্মোচন

Chandra Mohan Patowary mangaldai