/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fed162ad-1102-44a1-9393-093a543eb4d9/320.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : অসম আন্দোলনৰ অগ্ৰণী সেনানী তথা প্ৰাক্তন উদ্যোগ মন্ত্ৰী,কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,সাহিত্যিক গুণীন হাজৰিকাৰ ৭৫ সংখ্যক ওপজা দিন উপলক্ষে বুধবাৰে কলিয়াবৰৰ সহস্ৰাব্দ বাগিচাত এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তিগৰাকীৰ ওপজা দিন উপলক্ষে কলিয়াবৰ শাখা সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াই এখন অভিনন্দন গ্ৰন্থ।
সহস্ৰাব্দ বাগিচাৰ প্ৰাকৃতিক পৰিৱেশত ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত অভিনন্দন জ্ঞাপন অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ বিভিন্নজনে ওপজা দিনৰ ওলগ জনায়। বৰ্ষীয়ান সমাজকৰ্মীগৰাকীৰ ৭৫ সংখ্যক ওপজা দিন উপলক্ষে গীতে-মাতে মুখৰিত হৈ উঠে কলিয়াবৰৰ সহস্ৰাব্দ বাগিচা প্ৰাংগন l
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9ffe5654-6bcc-4a3a-a51c-f57366bcf213/9d62e266_e171_4ff8_9d51_0aa65f11ecd5.jpg)
কলিয়াবৰ শাখা সাহিত্য সভাই আয়োজন কৰা অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে। তেওঁ কয়- জীৱন্ত কালতহে মানুহক স্বীকৃতি আৰু সন্মান দিব লাগে। তেওঁ লগতে সাহিত্য সভাই কৰা এই মহৎ কৰ্মৰো শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/61750b1a-5032-4b11-9694-cef05a5cd85c/74cf0597_9fc2_47fb_8914_e5d67a24aec2.jpg)
নবীন বৰঠাকুৰ, মৃণাল কুমাৰ হাজৰিকা, বিৰাজ ভূষণ বৰা আৰু সমীৰ ভূঞাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কলিয়াবৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা কলিয়াবৰ লেখিকা সমাৰোহ সমিতি আৰু কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থাৰ সহযোগত এখনি অভিনন্দন গ্রন্থৰে শুভেচ্ছা জ্ঞাপন কৰা হয়। হাতীগাঁৱৰ সহস্ৰাব্দ বাগিছাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনি উন্মোচন কৰে ইতিহাসবিদ ড০ ৰাজেন শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1948278b-b0ad-4687-8209-4cede9f46862/42bdf3c9_bcd4_4f5c_9fcd_f826438333ad.jpg)
সভাত কলিয়াবৰ সাহিত্য সভা, কলিয়াবৰ লেখিকা সমাৰোহ শাখা, অসম গণ পৰিষদ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাবৰ লগতে বহুকেইটা সংগঠনৰ উপৰি ব্যক্তি বিশেষে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনায়। সভাত পীয়ুষ চন্দ্ৰ ৰয়, কৃষ্ণ শ ইকীয়া, ড০ শিৱৰঞ্জন মহন্ত, কনক হাজৰিকা, বুবুল বৰা, সুবৰ্ণ লতা মহন্ত, জয়ন্ত কুমাৰ ভূঞা, ইন্দ্ৰ নাৰায়ণ মহন্ত, বসন্ত শ ইকীয়া, ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, চাৰুমণি হাজৰিকা,পুস্পলতা শইকীয়া, ডা০ হেমন্ত কুমাৰ গোস্বামীসহ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।
Also Read: হাতী মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে খুমটাইৰ আৱৰঘাটত বিশেষ ৰাজহুৱা সভা...