সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানৰ দেহাৱসান...

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানৰ দেহাৱসান...
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানৰ দেহাৱসান...

ডিজিটেল সংবাদ তিনিচুকীয়া: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ইয়াৰ শ্রীপুৰীয়াৰ বাসিন্দা প্ৰদীপ দেৱান(৭৬)ৰ সোমবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । উল্লেখ্য যে সুদীৰ্ঘ দিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল দেৱান। কিন্তু অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল।

অৱশেষত কৰুণ মৃত্যুক আকোঁৱালি ল'লে দেৱানে। তেখেতৰ নশ্বৰ দেহ ঘৰ আহি পোৱা মাত্ৰকে স্থানীয় ৰাইজে সোমবাৰেই তিনিচুকীয়াৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে । ইফালে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, তিনিচুকীয়া প্ৰেছ ক্লাব, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মকৰ্তাকে মুখ্য কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেখেতৰ বাসগৃহত উপস্থিত হৈ আছুৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ পৰিয়ালক সাক্ষাত কৰি সমবেদনা জ্ঞাপন কৰে ।

প্ৰণিধানযোগ্য যে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা প্ৰায় ৬০০ মান প্ৰতিনিধিৰ উপস্থিতিত ১৯৭১ চনৰ ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক অধিবেশনত জন্ম হয় 'সদৌ অসম ছাত্ৰ সন্থা' আৰু সেই অধিৱেশনে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদত অধিষ্ঠিত কৰিছিল তেতিয়াৰ যোৰহাট আভিযান্ত্রিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰদীপ দেৱানক ।

অন্যহাতে সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল বৰ্তমান দিছপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰা। পৰৱৰ্তী সময়ত প্ৰদীপ দেৱানৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাই সক্ৰিয় ৰূপত আত্মপ্ৰকাশ কৰিছিল। ১৯৭২ চনত কাছাৰত বাংলা ভাষা ভিত্তিক বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠাৰ বাবে ৰাজ্য চৰকাৰে বিধানসভাত প্ৰস্তাৱ উত্থাপনৰ পাছতে নৱ-গঠিত সদৌ অসম ছাত্ৰ সন্থাই এনে সিদ্ধান্তৰ বিৰুদ্ধে সবল প্রতিবাদ সাব্যস্ত কৰিছিল।

ৰাজ্যখনৰ শিক্ষাৰ মাধ্যম অসমীয়াৰ বাবে সন্থাৰ মজিয়াত প্ৰস্তাৱো গ্ৰহণ কৰা হৈছিল আৰু সেই প্ৰস্তাৱ উত্থাপন কৰিছিল প্ৰতিষ্ঠাপক সভাপতি স্বয়ং প্ৰদীপ দেৱানে । পাছলৈ শিক্ষাৰ মাধ্যম অসমীয়া কৰাত সফল হৈছিল ছাত্ৰ সন্থা । তদুপৰি কাছাৰত সেই বিশ্ববিদ্যালয়খনো হৈ নুঠিল।

ইয়াৰ পৰৱৰ্তী সময়চোৱাত ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ পৰা ১৯৭৯ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনলৈকে বহুকেইটা আন্দোলনৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰি আহিছিল। উল্লেখ্য যে প্ৰদীপ দেৱানৰ ককাদেউতাক ড° চন্দ্ৰকুমাৰ দেৱান অসমলৈ আহিছিল ১৯১০ চনত।

তেওঁৰ মূল ঘৰ বৰ্তমান বাংলাদেশৰ বৰিশাল চহৰত। এটা শতকৰ পূৰ্বে তেওঁ চিকিৎসক হিচাপে যোগদান কৰিছিল ডুমডুমাৰ সমীপৱৰ্তী চুক্ৰেটিং চাহ বাগিছাত। তেওঁৰ পুত্ৰ মনোৰঞ্জন দেৱান নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেৰ এজন কৰ্মচাৰী আছিল আৰু অৱসৰৰ পাছত কোকৰাঝাৰ চহৰত স্থায়ীভাৱে বসবাস কৰিছিল।

চাকৰি কালত মনোৰঞ্জন দেৱান ষ্টেচন মাষ্টাৰ পদত কৰ্মৰত হৈ ডুমডুমা টাউন, মাকুম, টিংৰাই, লাহোৱাল আদিত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেইসূত্ৰে প্ৰদীপ দেৱানৰ প্ৰাৰম্ভিক শিক্ষা ডুমডুমা আৰু তিনিচুকীয়াত আৰম্ভ হৈছিল । ১৯৭২ চনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰূপে তেওঁ প্ৰায় গোটেই অসমখন ভ্রমণ কৰিবলগা হৈছিল ।

২১ টাকৈ দিন ঘৰত খবৰ নোপোৱাৰ বাবে তেওঁ শ্বহীদ হোৱা বুলি এটা উৰাবাতৰি উলাইছিল । কাৰণ তেতিয়া টেলিফোনৰ যোগাযোগ সুচল নাছিল। 'বাদল দা' নামে জনপ্রিয় প্ৰদীপ দেৱানে ১৯৭২ চনৰ শেষৰফালে যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিংত প্ৰথম শ্ৰেণীৰ স্নাতক হোৱা সত্বেও ইচ্ছাকৃতভাৱে চৰকাৰী চাকৰি নকৰিলে।

ছাত্ৰ জীৱন অন্ত পৰাৰ লগে লগে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পদৰ পৰা অব্যাহতি লৈছিল । ১৯৭৭-৭৮ চনত কংগ্ৰেছ দললৈ যোগদানৰ প্ৰস্তাৱ আহিছিল দেৱানলৈ। একে সময়তে জনতা দলৰ ৰাজ্যিক নেতা দুলাল বৰুৱা (প্রয়াত) ই তেওঁক কংগ্ৰেছ বিৰোধী শিবিৰটোত জড়িত হৈ ৰাজনীতিত অংশগ্ৰহণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল ।

১৯৮৩ চনত মুখ্যমন্ত্ৰী হিতেশ্বৰ শ‍ইকীয়াই ৰাজনীতি নকৰিলেও বয়স থাকোতেই চৰকাৰী চাকৰিত সোমাই ল'বলৈ স্পষ্ট ইংগিত দিছিল দেৱানক । কিন্তু তেওঁ এই সকলোবোৰ প্রস্তাৱ প্ৰত্যাখ্যান কৰিছিল । ২০২০ চনৰ পৰা শাৰীৰিকভাৱে অত্যন্ত অসুস্থ হৈ পৰা দেৱানে তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া অঞ্চলত এটা সৰু ভাড়াঘৰত পত্নীৰ সৈতে জীৱন কটাইছিল।

তেওঁ দুই কন্যাক বিয়া দিয়া হয়। প্রয়োজনীয় পুঁজিৰ অভাৱত তেওঁ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছিল। উল্লেখযোগ্য যে, অতি সাধাৰণ জীৱন-যাপন কৰা 'আছু'ৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ চহৰখনত কোনো নিজা ঘৰ-মাটি নাই।

যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পদৰ পৰা গৈ প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰ্বানন্দ সোনোৱালে ৰাজনৈতিক কেৰিয়াৰ গঢ়ি মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল সেই 'সৰ্ববৃহৎ আৰু শক্তিশালী' ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতিজনে অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুক সাৱটিবলগা হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানৰ দেহাৱসান...
পহিলা মাঘত জনগোষ্ঠীয় গীত-নৃত্য, পৰম্পৰাগত খেল-ধেমালিৰে উজ্জীৱিত স্বৰ্গদেউৰ চোতাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in