সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল বাক্সাৰ খুছি কাশ্যপ

বি.এম স্কোৱাৰ প্ৰডাকচনৰ অধীনত পাৰ্ফেক্ট গ্লেম বিউটি পেজেণ্ট ছিজন ৫ অলপতে শিলপাগ্ৰামত অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল বাক্সাৰ খুছি কাশ্যপ

ডিজিটেল সংবাদ, মছলপুৰঃ বি.এম স্কোৱাৰ প্ৰডাকচনৰ অধীনত পাৰ্ফেক্ট গ্লেম বিউটি পেজেণ্ট ছিজন ৫ অলপতে শিলপাগ্ৰামত অনুষ্ঠিত হৈ যায় । ববী পাটগিৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ মডেল সকলে অংশগ্ৰহণ কৰিছিল ।

Advertisment

বাক্সা জিলাৰ সাদেৰীৰ খুছি কাশ্যপে "কিড-বি"ত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । উক্ত প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হোৱা খুছি কাশ্যপলৈ উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়াল আৰু অঞ্চলবাসী ।

বাক্সা জিলাৰ ভিতৰুৱা গাঁও সাদেৰীৰ পৰা গৈ খিতাপ আজুৰি আনিবলৈ সক্ষম হোৱাত খুছি কাশ্যপক অভিনন্দন জ্ঞাপন কৰিছে স্থানীয় ক্লাব, সংস্থা, সংগঠনে । উল্লেখ্য যে সাদেৰীৰ সনাতন দাস আৰু বৰষা কাশ্যপৰ কন্যা খুছি কাশ্যপৰ ভৱিষ্যতে এগৰাকী ভাল মডেল অথবা অভিনেত্ৰী হ'বৰ ইচ্ছা ।

Also Read: নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ 'গুণ মহন্তদেৱ বঁটা' ঘোষণা