Advertisment

ৰংজুলিত অংগনবাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

ৰংজুলিত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকাই বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
ৰংজুলিত অংগনবাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

ডিজিটেল সংবাদ, দুধনৈঃ ন্যায্য প্ৰাপ্যৰ দাবীত মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰংজুলিতো অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকাই বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অংগনবাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননীৰ পৰিৱৰ্তে মাহিলি ২৬ হাজাৰ টকা মজুৰি দিয়া, ২৬ হাজাৰ টকা দিব নোৱাৰা লৈকে মাহিলি ১২ হাজাৰ টকা মজুৰি দিয়া আৰু অৱসৰকালীন সুবিধা দিয়াৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।

Advertisment

উল্লেখ্য যে, এই প্ৰতিবাদ সাব্যস্ত কৰা হয় অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাসৰ নেতৃত্বত। ৰংজুলিস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে ৰূপায়ণ কৰে প্ৰতিবাদ। ধৰ্ণা কাৰ্যসূচীত ৰংজুলি প্ৰকল্পৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰৰ ৫শতাধিক কৰ্মী-সহায়িকাই অংশগ্ৰহণ কৰে।

Also Read: দুৰ্ঘটনাত পতিত সাংসদ গৌৰৱ গগৈৰ কনভয়

GOVT OF ASSAM