ন্যায় বিচাৰি যোৱা মহিলাক অধিবক্তাই সোধালে প্ৰচণ্ড ঘোচা

ন্যায় বিচাৰি যোৱা মহিলাক অধিবক্তাই সোধালে প্ৰচণ্ড ঘোচা

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ আদালত চৌহদত সংঘটিত এক ঘটনাই জোকাৰি গৈছে চহৰখন। জানিব পৰামতে এগৰাকী মহিলাই ন্যায় বিচাৰি আহিছিল মঙলদৈ আদালতত ৷

ন্যায় বিচাৰি যোৱা মহিলাগৰাকীয়ে এগৰাকী অধিবক্তাৰ সতে কথাপাতি থাকোঁতেই অধিবক্তাগৰাকীয়ে তেওঁক প্ৰচণ্ড ঘোচা শোধোৱা বুলি অভিযোগ উত্থাপিত হৈছে।ঘটনাৰ বিবৰণ অনুসৰি কিছুদিন পুৰ্বে অধিবক্তাজনক পুত্ৰৰ এটি কেচৰ বাবে দিছিল মাছুল। কিন্তু অধিবক্তা সেই কাম কৰিব নোৱাৰাত আন এজন অধিবক্তা হতুৱাই কেছ সমাধান কৰে।

যাৰ বাবে পূৰ্বৰ অধিবক্তা বাহাৰুল আমিন নামৰ অধিবক্তাজনৰ পৰা মহিলাগৰাকীয়ে পূৰ্বে দিয়া ধন ওভটাই বিচাৰে ৷ তেনে সময়তে অধিবক্তা বাহাৰুল আমিন খৰ্গহস্ত হৈ মহিলাগৰাকীক প্ৰচণ্ড ঘোচা শোধায় ৷

সম্প্ৰতি আঘাতপ্ৰাপ্ত মহিলাগৰাকী মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এতিয়া যদি আদালত চৌহদতেই অধিবক্তাই ন্যায় বিচাৰি যোৱা লোকক নিৰ্যাতন কৰে তেনেহলে সাধাৰণ ৰাইজ ন্যায় বিচাৰি ক’ত যাব বুলি সচেতন লোকৰ মাজত প্ৰশ্ন উদয় হৈছে।

ন্যায় বিচাৰি যোৱা মহিলাক অধিবক্তাই সোধালে প্ৰচণ্ড ঘোচা
নগাঁৱত অঙ্গনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in