নগাঁৱত অঙ্গনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

নগাঁৱত অঙ্গনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
নগাঁৱত অঙ্গনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,নগাঁও : বুধবাৰে নগাঁৱত অঙ্গনবাড়ী কৰ্মী -সহায়িকাসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰাজ্যিক অঙ্গনবাড়ী-কৰ্মী সহায়িকা সন্থাৰ অন্তৰ্গত নগাঁও জিলা সমিতিৰ খাগৰিজান প্ৰকল্পৰ কৰ্মী -সহায়িকাসকলে নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

কৰ্মী সহায়িকাসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মজুৰিৰ সলনি মাননী দিয়া,অবসৰপ্ৰাপ্ত কৰ্মী সহায়িকাক শীঘ্ৰে এককালীন সাহাৰ্য্য প্ৰদান কৰা,গ্ৰেচুইটি আদায় দিয়া,প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি কৰা,কৰ্মী সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা আদি বিভিন্ন দাবী উত্থাপন কৰে। কাৰ্যসূচীৰ অন্তত তেওঁলোকে নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে অসমৰ শ্ৰম আয়ুক্তলৈ উল্লিখিত দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Also Read: পথৰ দাঁতিত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

Anganwadi protest