মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন...

শনিবাৰে মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

author-image
Asomiya Pratidin
New Update
মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন...

ডিজিটেল সংবাদ,‌ মঙলদৈ : "দৰঙৰ নিৰ্ভৰযোগ্য ইতিহাস লিখিত ৰূপত পাবলৈ নাই। আমাৰ বিভাগৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে শুদ্ধ ৰূপত এক ইতিহাস প্ৰণয়ন কৰাটো সময়ৰ দাবী। দৰঙৰ প্ৰতিখন গাঁৱৰ ইতিহাস উদ্ধাৰ কৰি আমি প্ৰণয়ন কৰাৰ পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব দিয়া উচিত"- এই ভাষ্য কৌপাটী বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী কুঞ্জ দেৱীৰ।

Advertisment

শনিবাৰে মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনত কুঞ্জ দেৱীয়ে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ তথ্য সম্বলিত এখন ডাইৰেক্টৰী প্ৰকাশৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্তব্য ৰাখে। বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংগিৰসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সহযোগী অধ্যাপিকা ডঃ সংগীতা গগৈয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।

সহযোগী অধ্যাপক ডঃ মৃদুল ডেকাই আঁত ধৰা আৰু প্ৰাক্তন ছাত্ৰী নিশাৰাণী নাথে এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা এই সভাত অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া কণকলতা দেৱী, কৰ বিভাগৰ পৰিদৰ্শক লীনা দাস, সাংবাদিক গণেশ দত্ত, মৈত্ৰেয়ীমমী কলিতা, জিষ্ণু কলিতা, উৎপল শইকীয়া আদিয়ে চমু ভাষণ প্ৰদান কৰে।

হীৰামণি ডেকাই গীত পৰিৱেশন কৰা এই সভাত কণকলতা দেৱীক উপদেষ্টা, কুঞ্জ দেৱীক সভাপতি, লীনা দাসক উপসভাপতি, ডঃ মৃদুল ডেকা আৰু গণেশ দত্তক সম্পাদক, ডঃ অংগিৰসক আহ্বায়ক, উৎপল শইকীয়া, জিষ্ণু কলিতা, ৰুবুল ডেকা, মোস্তাফিজুৰ ৰহমান, হীৰামণি ডেকা, প্ৰিয়ংকা সাহা, ফাইজুদ্দিন আহমেদক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হয় যদিও অচিৰেই এই সমিতিখন বৰ্দ্ধিত ৰূপ দিয়া হ'ব বুলি উদ্যোক্তা সকলে প্ৰকাশ কৰিছে।

অতিথি অধ্যাপিকা হৃষিতা ৰাজবংশীৰ লগতে শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই সভাত গাঁৱৰ বুৰঞ্জী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ডাইৰেক্টৰী আৰু পুৰণি সমলবোৰ একগোট কৰি এটা সৰু সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Also Read: 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...

mangaldoi