মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা আহ্বান..

মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা আহ্বান..

author-image
Asomiya Pratidin
New Update
মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা আহ্বান..

ডিজিটেল সংবাদ,‌ মঙলদৈ: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষানুস্থান মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ এখনি সাধাৰণ সভা অহা ২ এপ্ৰিলত আহ্বান কৰা হৈছে । মঙলদৈ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নয়ন আৰু প্ৰাক্তন শিক্ষাৰ্থী সকলক একত্ৰিত কৰি প্ৰাক্তন শিক্ষাৰ্থী সকলৰ কল্যাণৰ কাৰণে ২০০৩ চনতে উক্ত সন্মিলন গঠন কৰা হৈছিল ।

Advertisment

মহাবিদ্যালয়খনৰ বিজ্ঞান ভৱনত দিনৰ ২ বজাত অনুস্থিত হ'ব লগীয়া সভালৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ লগতে জিলাখনৰ সকলো শিক্ষাৰ্থীৰে উপস্থিতি কামনা কৰিছে সন্মিলনৰ সভাপতি আনোৱাৰ হুছেইন আৰু আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই ।

আনহাতে সকলো প্ৰাক্তন শিক্ষাৰ্থীকে পত্ৰ যোগে সভালৈ আমন্ত্ৰণ জনোৱা সম্ভৱ নহয় বাবে কেৱল বাতৰি কাকত আৰু সামাজিক মাধ্যম যোগে আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব দিয়ে সভাপতি আৰু সাধাৰণ সম্পাদকে ।

Also Read: কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...

mangaldoi