আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ অধিবেশনৰ প্ৰস্তুতি...

আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ অধিবেশনৰ প্ৰস্তুতি...
আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ অধিবেশনৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ মঙলদৈঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক গোট আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ বিংশতিতম দ্বিবার্ষিক অধিবেশনখন চহৰখনৰ নিকটৱৰ্তী ঐতিহাসিক নগৰবাহীত স্থানীয় নগৰবাহী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছেপ্টেম্বৰৰ মধ্যভাগত অনুষ্ঠিত হ'ব।

অলপতে নগৰবাহী এম ই মাদ্ৰাছা প্ৰাংগণত আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শ‍ইকীয়াৰ সভাপতিত্বত হোৱা ৰাজহুৱা সভাত আগন্তুক অধিবেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সাংবাদিক তথা আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ একালৰ সভাপতি বাবুল মকছেদ আহমেদক সভাপতি, মোস্তাফিজুৰ ৰহমান, মন্টু কলিতাক কাৰ্যকৰী সভাপতি, ইজাজুল হক আৰু চাহিল চৌধুৰীক সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি দিগন্তমণি বৰা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্রাক্তন ছাত্র নেতা চহিৰ ভূঞা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক সত্য ৰঞ্জন ডেকা, নগৰবাহীৰ বিশিষ্ট সমাজ সেৱক গিয়াছুদ্দিন আহমেদ, মকিবৰ ৰহমান, ফাইজুৰ ৰহমান,আব্দুল মজিদ, প্ৰমুখ্যে বিশিষ্ট লেকসকল আৰু শতাধিক ছাত্রকর্মী তথা ৰাইজৰ উপস্থিতিত কে'বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত অধিবেশন উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰাৰ বাবে ৰাইজে পৰামৰ্শ দিয়ে। ছাত্র নেতা ইজাজুৰ হকে আঁতধৰা সভাতেই আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক প্ৰয়াত ছাত্র নেতা মণিময় গোস্বামীৰ আত্মাৰ শান্তি কামনাৰে মৌন প্ৰাৰ্থনা কৰা হয় ।

আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ অধিবেশনৰ প্ৰস্তুতি...
জুবিনৰ অনুষ্ঠান চাই ঘৰলৈ উভতি অহাৰ পথত যুৱকৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in