প্ৰাথমিক বিদ্যালয়ত ৮০ হাজাৰ টকাৰ কাম কৰি ৫ লাখ টকা সৰকালে কোনে ?

প্ৰাথমিক বিদ্যালয়ত ৮০ হাজাৰ টকাৰ কাম কৰি ৫ লাখ টকা সৰকালে কোনে ?

author-image
Asomiya Pratidin
New Update
প্ৰাথমিক বিদ্যালয়ত ৮০ হাজাৰ টকাৰ কাম কৰি ৫ লাখ টকা সৰকালে কোনে ?

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈৰ অন্তৰ্গত গেৰিমাৰীত দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে। বিদ্যালয় মেৰামতিৰ নামত মাত্ৰ ৰং সানি, টিনপাত যোৰা দি সৰকালে ৫ লাখ ৯৫ হাজাৰ টকা।

Advertisment

পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৱামাৰী গাঁও পঞ্চায়তৰ গেৰিমাৰী প্ৰাথমিক বিদ্যালয় পুনঃ নিৰ্মাণৰ নামত আবন্টন কৰিছিল ৫ লাখ ৯৫ হাজাৰ টকা।

জিলা পৰিষদৰ ১৫ বিত্তীয় অভিযোজনাৰ দ্বাৰা বিদ্যালয় গৃহ মেৰামতিৰ বাবে আবন্তিত ধনৰ মাত্ৰ ৮০ হাজাৰ টকাৰ কাম কৰি সমুদায় ধন উলিয়াই আত্মসাৎ কৰে পঞ্চায়ত সদস্যৰ আত্মীয়ই।

এই আত্মসাৎ কাৰ্য্যত নিৰ্মাণ সমিতিৰ সভাপতি আৰু মোৱামাৰী গাঁও পঞ্চায়তৰ ৪ নং খণ্ডৰ প্ৰাক্তন সদস্য কবিতা শইকীয়াৰ স্বামী ভদ্ৰ কান্ত শইকীয়াৰ নাম উত্থাপন হৈছে।

চৰকাৰী টকা এনেদৰে হৰলুকি হোৱাৰ কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, মাতৃ গোট তথা স্থানীয় ৰাইজে। নিৰ্মাণ সমিতিৰ সদস্য সকলে চৰকাৰ প্ৰশাসনক উচিত তদন্ত কৰাৰ দাবী জনায়।

Also Read: চিৰাঙত লোমহৰ্ষক হত্যাকাণ্ডঃ স্বামীয়ে হত্যা কৰি পুতি থ'লে পত্নীৰ মৃতদেহ

Mangaldai school darrang police Mangaldai school corruption