/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ডিজিটেল সংবাদ, মঙলদৈঃ গণৰাজ্য দিৱসৰ দিনটোতে মঙলদৈ বেজপাৰাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। বেজপাৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আমূল গাখীৰৰ গাড়ী দুৰ্ঘটনাত পতিত হয়।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত দ খাৱৈত পৰি যায় ট্ৰাকখন। কথমপি প্ৰান ৰক্ষা চালক আৰু হেন্দিমেনৰ। জানিব পৰা মতে গুৱাহাটীৰ পৰা টংলা লৈ গৈ আছিল গাখীৰ ভৰ্তি ট্ৰাকখন।
ট্ৰাকখনৰ নম্বৰ এ এচ ০১ডি চি ৮৫৮৩। প্ৰতি দিনে এই দৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈ থকা বিষয়টোৱে জন সাধাৰণৰ চিন্তাৰ কাৰণ হৈ পৰিছে।
Also Read: 'ইণ্ডিয়া'ক এৰি বিজেপিৰ সহযোগত নীতিশ কুমাৰৰ নতুন চৰকাৰ