তেলৰ পৰিৱৰ্তে পানী! মঙলদৈ পুনিয়া পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি

মঙলদৈ পুনিয়া পেট্ৰ'ল পাম্পত বৃহস্পতিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
তেলৰ পৰিৱৰ্তে পানী! মঙলদৈ পুনিয়া পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ পুনিয়া পেট্ৰ'ল পাম্পত বৃহস্পতিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মঙলদৈস্থ ইণ্ডিয়ান অইলৰ পুনিয়া পেট্ৰ'ল পাম্পত তেলৰ নামত বিক্ৰী কৰে পানী।

মঙলদৈৰ পুনিয়া পেট্ৰ’ল ডিপ’ত নিশা এখন দুখন নহয় কেইবাখনো ডিজেল বাহনত তেল ভৰাওতে ডিজেলৰ পৰিৱৰ্তে পানী ওলোৱাৰ অভিযোগ গ্ৰাহকৰ ৷

গাড়ী সমুহত ডিজেলৰ সলনি পানী ভৰোৱাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিপোটোত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ভুক্তভোগী গ্ৰাহক সকলে ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে তেলডিপোটো বন্ধ কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে ৷

Also Read: ভগ্নীৰ বেদনা সহ্য কৰিব নোৱাৰি বৃক্ক দান কৰিলে ভাতৃয়ে...