মধ্যাহ্ন ভোজনৰ নামত মঙলদৈত কেলেংকাৰীঃ ২৫০গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কণী মাত্ৰ ২০ টা

মধ্যাহ্ন ভোজনৰ নামত মঙলদৈত কেলেংকাৰীঃ ২৫০গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কণী মাত্ৰ ২০ টা

author-image
Asomiya Pratidin
New Update
মধ্যাহ্ন ভোজনৰ নামত মঙলদৈত কেলেংকাৰীঃ ২৫০গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কণী মাত্ৰ ২০ টা

ডিজিটেল সংবাদ,মঙলদৈঃ মধ্যাহ্ন ভোজন কেলেংকাৰীৰ তদন্ত কৰিব গৈ স্তম্ভিত বিষয়া। দান বৰঙণিৰে ১৯৮২ চনত চপাই শালৈপাৰাত স্থাপিত আৰু পৰৱৰ্তীকালত প্ৰাদেশিকীকৰণ হোৱা উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ শেহতীয়াকৈ ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

এনে দুৰ্নীতিত অতিষ্ঠ হৈ অৱশেষত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীকান্ত নাথ, অইন কেইজনমান সদস্য আৰু একাংশ অভিভাৱকে দৰং জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে। ফলস্বৰূপে ১২ জুনত তিনিজনীয়া এটা বিষয়াৰ দলে তদন্ত কৰিবলৈ আহি স্তম্ভিত হৈ পৰে।

কিয়নো তদন্ত কৰিব অহাৰ দিনাই মধ্যাহ্ন ভোজনৰ নামত হৈ থকা কেলেংকাৰী স্বচক্ষে প্ৰত্যক্ষ কৰে তদন্তকাৰী দলটোৱে। জানিব পৰা মতে, প্ৰতি বুধবাৰে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনত এটাকৈ কণী দিব লাগে যদিও ২৫০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ১২ জুনত কণী কিনা হৈছিল মাত্ৰ ২০ টা।

তদন্তকাৰী বিষয়াৰ দলে এই সম্পৰ্কত সোধাত প্ৰধান শিক্ষয়িত্ৰী দিপালী শৰ্মাই কয়, 'আমাৰ বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে কণী খাই ভাল নাপায়'। আনহাতে প্ৰতি শনিবাৰেও ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন দিব লাগে যদিও এই বিদ্যালয় কৰ্তৃপক্ষই শনিবাৰে মধ্যাহ্ন ভোজন নিদিয়াৰ অভিযোগ উঠিছে।

তদুপৰি বিদ্যালয় উন্নয়নৰ নামত আৱণ্টিত ধনৰ ব্যাপক খেলিমেলিৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। যাৰ ফলত তদন্তকাৰী দলে বহু নথিপত্ৰ জব্দ কৰি লৈ গৈছে। এই তদন্ত সঠিকভাৱে হোৱাটো কামনা কৰিছে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু চপাইৰ সচেতন ৰাইজে। তাৎপৰ্যপূৰ্ণ যে, দৰঙৰ বহু বিদ্যালয়তে মধ্যাহ্ন ভোজনৰ নামত দীৰ্ঘদিন ধৰি কেলেংকাৰী হৈ আছে যদিও একাংশ বিষয়াই বুজাবুজিৰে সেই কেলেংকাৰী গাপ দি ৰখাটো সৰ্বজন বিদিত।

Also Read: আজি বিধায়ক পদ ত্যাগ কৰিব ফণিভূষণ চৌধুৰীয়ে

mangaldai midday meal scam