মঙলদৈত চৰকাৰী চিকিৎসালয়ত ৰাইজে লগালে তলা...

মঙলদৈত চৰকাৰী চিকিৎসালয়ত ৰাইজে লগালে তলা...

author-image
Asomiya Pratidin
New Update
মঙলদৈত চৰকাৰী চিকিৎসালয়ত ৰাইজে লগালে তলা...

ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈ চৰকাৰী চিকিৎসালয়ে প্ৰায় প্ৰতি সপ্তাহে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে। মঙলদৈ অসামৰিক চিকিৎসালয়ে হওঁক বা অন্য কোনো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, প্ৰায়ে শিৰোনাম দাখিল কৰে জিলাখনৰ স্বাস্থ্য কেন্দ্ৰ সমূহে। এইবাৰ মঙলদৈৰ জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাইজে লগালে তলা।

Advertisment

১১/১২ বজালৈ এই জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত নহয় চিকিৎসক-নাৰ্চ। দৰং জিলাৰ স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনস্থ জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সেয়েহে ৰাইজ ওলাই আহি লগালে তলা। ঘটনাৰ বিৱৰণী মতে, জলজলী অঞ্চলৰ ৰাইজে এজন লোকক বৰলে কামোৰাৰ তৎকালীন ভাবে চিকিৎসাৰ বাবে এইখন প্ৰাথমিক চিকিৎসালয়লৈ আনিছিল।

চিকিৎসালয় খনত এজনো ডাক্তৰ নাৰ্চ উপস্থিত নথকাৰ বাবেই ৰাইজ খৰ্গহস্ত হৈ চিকিৎসালয় খনত তলা সগাই দিয়ে। দৈনিক এনেদৰে চিকিৎসালয় খনত সময়মতে ডাক্তৰ নাৰ্চ উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰাৰ লগতে তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

Also Read: সৰপাৰাত স্মৃতিগ্ৰন্থ "নাট্যশিল্পী চবিন চৌধুৰী শ্ৰদ্ধাৰ্ঘ" ‌উন্মোচন

mangaldai hospital