/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/81c6c44f-a98d-4aa8-8c51-8308b13dc10d/g.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত যোগাসন প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈৰ কনমানি দৃস্না জে. আৰ চন্দে।
অলপতে গুৱাহাটীৰ সোনাৰাম হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতাত দৃস্নাই সোণৰ পদক পোৱাৰ উপৰিও মহিলাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰি মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উত্তৰ-পূব যুগা ছছাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মঙ্গলদৈৰ ওৱাৰ্ড নম্বৰ ৩ শান্তিপুৰ নিবাসী জয়ন্ত কুমাৰ চন্দ আৰু ৰুনুপ্ৰিয়া দেৱীৰ কন্যা ১০ বছৰীয়া দৃস্না জে আৰ চন্দে সোনৰ পদক আৰু ৫০০০ হাজাৰ টকাৰ এখন চেক পাবলৈ সক্ষম হয়।
মঙলদৈ গুৰুকুল গ্ৰুপ অফ ইডুকেচনেল উইঙচত পঞ্চম শ্ৰেণীত অধ্যয়নৰত দৃস্নাৰ এই সাফল্যই পিতৃ মাতৃক অধিক উৎসাহিত কৰিছে।
ইতিমধ্যে দৃস্নাই কেবাবাৰো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।২০২১ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰি সুনাম কঢ়িয়াই আনিছে।মাক দেউতাকে সৰুৰে পৰাই উৎসাহ যোগাই আহিছিল দৃস্নাক।
দৃস্নাৰ এই সাফল্য ৰাইজৰ আশীৰ্বাদতেই হৈছে আৰু আগলৈ যাতে এনেকৈ সুনাম অৰ্জন কৰিব পাৰে ৰাইজৰ আশীৰ্বাদ বিচাৰিলে মাতৃয়ে।
Also Read: পুনৰ সক্ৰিয় আলফ(স্বা)! যোৰহাটৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ