মঙলদৈত ৪ আগষ্টত অনুষ্ঠিত হ'ব সংগীত ভিত্তিক প্ৰথমটো ৰিয়েলিটি শ্ব' "সুৰৰ এদিন"

গীতিকাৰ হেমন্ত দত্তক প্ৰদান কৰিব 'সংগীত জ্যোতি' সন্মান

author-image
Asomiya Pratidin
New Update
মঙলদৈত ৪ আগষ্টত অনুষ্ঠিত হ'ব সংগীত ভিত্তিক প্ৰথমটো ৰিয়েলিটি শ্ব' "সুৰৰ এদিন"

ডিজিটেল সংবাদ,মঙলদৈ: ৪ আগষ্টত মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বাৰে ৰহণীয়া সাংস্কৃতিক মঞ্চ, অসমৰ উদ্যোগত অসমৰ সংগীত ভিত্তিক প্ৰথমটো ৰিয়েলিটি শ্ব' সুৰৰ এদিন অনুষ্ঠিত কৰা হ'ব। ২৪ সংখ্যক বৰ্ষত উপনীত হোৱা এই অসমীয়া গীতৰ মহাৰণৰ প্ৰস্তুতি সম্পৰ্কে বুধবাৰে য়ুথ ক্লাবৰ প্ৰেক্ষাগৃহত ডাঃ মৃন্ময় কুমাৰ নাথৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়। সভাত দ্বীপশিখা ডেকা শইকীয়াই এটি গীত পৰিবেশন কৰে।

Advertisment

প্ৰধান সম্পাদিকা নিৰ্মালী ভট্টাচাৰ্যই আঁত ধৰা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মানৱ প্ৰতীম দাসে। সভাত ৰাজীৱ কুমাৰ ডেকাক সভাপতি, ৰাণা আলমক কাৰ্যকৰী সভাপতি, বসন্ত শইকীয়া, কমল প্ৰসাদ শৰ্মা, ডঃ মঞ্জু কলিতা, খনিন্দ্ৰ ৰাজবংশীক উপসভাপতি, ডাঃ মৃন্ময় কুমাৰ নাথক মুখ্য সম্পাদক, মানৱ প্ৰতীম দাস, নিৰ্মালী ভট্টাচাৰ্য, প্ৰবীণ বৰুৱাক সম্পাদক, হৰিচন্দ্ৰ শৰ্মাক কোষাধ্যক্ষ, শংকৰ কাকতিক স্মৰণিকাৰ সভাপতি, হেঙুল জ্যোতি শালৈক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয়।

সভাত দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া, গীতিকাৰ আব্দুল মালিক, সাংস্কৃতিক কৰ্মী ৰাণা আলম, উদ্যোগপতি ৰাজীৱ কুমাৰ ডেকা, আছুৰ উপসভাপতি খনিন্দ্ৰ ৰাজবংশী, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মঞ্জু কলিতা, অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মা, সাংস্কৃতিক কৰ্মী হেঙুল জ্যোতি শালৈ, মানৱ প্ৰতীম দাস, সাংবাদিক শংকৰ কাকতি, গণেশ দত্ত আদিয়ে সুৰৰ এদিন সাফল্যমণ্ডিত কৰাৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

অসমীয়া গীতৰ এই মহাৰণত বিশিষ্ট গীতিকাৰ, নাট্যকাৰ, পৰিচালক, অভিনেতা হেমন্ত দত্তক 'সংগীত জ্যোতি' সন্মান প্ৰদান কৰা হ'ব। উল্লেখ্য যে, 'সুৰৰ এদিন' প্ৰতিযোগিতাৰ প্ৰথম ১০ জন প্ৰতিযোগীলৈ মুঠ ৫৫ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে।

Also Read: লংকাত আটক সোণৰ বিস্কুট সৰবৰাহকাৰী

Surar adin Mangaldai Civil Hospital