দৰঙ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰায় ১০০ কোটিৰ কেলেংকাৰী!

দৰঙ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
দৰঙ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰায় ১০০  কোটিৰ কেলেংকাৰী!

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কাৰ্যলয়টোৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগত সংঘটিত প্ৰায় এশ কোটি টকীয়া এই কেলেংকাৰী ।

Advertisment

আয়ুক্ত আশীৰ্বাদপুষ্ট নিবিদা লাভ কৰা প্ৰতিষ্ঠান এটাই দুটা বেংক একাউন্টৰ জৰিয়তে ইতিমধ্যে প্ৰায় এশ কোটি টকা সৰকাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ নিষ্ক্ৰিয় জি এছ টি ৰে বৃহৎ কৰ ফাকি দি প্ৰতিষ্ঠানটোৱে দুটা বেংক একাউণ্টৰ জৰিয়তে ইতিমধ্যে বৃহৎ ধন উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

দৰঙ জিলা আয়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিবিদা লাভ কৰা MD Enterprise নামৰ প্ৰতিষ্ঠানটোৱে নিষ্ক্ৰিয় জি এছ টি নং ব্যৱহাৰ কৰি দুটা বেংক একাউন্টৰ জৰিয়তে কোটি কোটি টকা উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দৰঙ জিলাৰ এক কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা এগৰাকীৰ পত্নী হোৱাৰ সুবাদতে আয়ুক্ত কাৰ্যালয়ৰ উক্ত বিভাগটোৰ বিষয়া কৰ্মচাৰীয়েও এই কেলেংকাৰীত হাত উজান দিয়াৰ অভিযোগ উঠিছে ।

নিবাৰন বৰা নামৰ আয়ুক্ত কাৰ্যালয়ৰ ঠিকাদাৰ এজনে  এই বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ মল্লিকা বৰ্মন আৰু দীপক বৰুৱাৰ যৌথ স্বত্বাধিকাৰী MD Enterprise ৰ নামত ২০২০-২০২২ বৰ্ষত দুৰ্যোগ প্ৰশমন আৰু  ব্যৱস্থাপনা বিভাগৰ জৰিয়তে বানপীড়িত তথা বানাক্ৰান্ত পশুধন সমূহৰ খাদ্য যোগানৰ নামত নিবিদা লাভ কৰি আহিছিল ৷

আয়ুক্ত কাৰ্যালয়টোৰ উক্ত বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদপুষ্ট নিবাৰন বৰা নামৰ ঠিকাদাৰ জনে দুৰ্নিতীৰে এই প্ৰতিষ্ঠানটোৰ অধীনত ঠিকা সমূহ আবন্টন লৈছিল। তাৰপাছত প্ৰতিষ্ঠানটোৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মঙলদৈ শাখাৰ জৰিয়তে কিছু ধন উলিওৱাৰ বিপৰীতে খোদ নিবাৰন বৰাৰ নামত থকা বন্ধন বেংক মঙলদৈ শাখাত থকা একাউণ্টৰ জৰিয়তে প্ৰতিষ্ঠানটোই নিবিদাৰ লাখ লাখ টকা উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ৷

ইপিনে MD Enterprise ৰ হৈ নিবাৰন বৰাইহে নথি পত্ৰত চহী কৰি অহাৰো  তথ্য পোহৰলৈ আহিছে ৷এই কেলেংকাৰী সন্দৰ্ভত হিতেশ ডেকা নামৰ যুৱক এগৰাকীয়ে ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰাৰ লগতে দৰঙৰ আয়ুক্তৰ ওচৰতো অভিযোগ দাখিল কৰিছে ।

Also Read: ভুৱা কল কৰি লুণ্ঠনঃ মহানগৰীৰ বিভিন্ন স্থানত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ অভিযান