ভুৱা কল কৰি লুণ্ঠনঃ মহানগৰীৰ বিভিন্ন স্থানত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ অভিযান

শুকুৰবাৰে পুৱাই মহানগৰীৰ বিভিন্ন স্থানত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ অভিযান। ভুৱা কল কৰি বহুলোকক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে অভিযান।

author-image
Asomiya Pratidin
New Update
ভুৱা কল কৰি লুণ্ঠনঃ মহানগৰীৰ বিভিন্ন স্থানত  ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই মহানগৰীৰ বিভিন্ন স্থানত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ অভিযান। ভুৱা কল কৰি বহুলোকক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে অভিযান। মহানগৰীৰ বহু অবৈধ কল চেণ্টাৰৰ লগতে ৰাজগড়ৰ এটা কলচেন্টাৰত চলিছে এই অভিযান। নয়ডাৰ পৰা পৰিচালিত হয় ৰাজগড়ৰ কল চেণ্টাৰটো।

Advertisment

অভিযোগ অনুসৰি এই কল চেন্টাৰটোৰ কোনো নাম নাছিল। প্ৰায় ২১ গৰাকী কৰ্মচাৰী আছে এই কল চেন্টাৰটোত যাৰ মাত্ৰ ৩গৰাকী অসমীয়া ব্যক্তি । এনেকৈয়ে বহিৰাজ্যৰ পৰা আহি একাংশলোকে এনেদৰে প্ৰৱঞ্চনা কৰি আহিছে।

প্ৰাক্তন IAS আটিকা চুলতানাৰ পুত্র তছদিকুৰ ৰহমানৰ নাম সাঙোৰ খাইছে এই কেলেংকাৰীত। বৃহস্পতিবাৰে নিশা গান্ধীবস্তিৰ আটিকা চুলতানাৰ ঘৰতো চলিছিল অভিযান।

উল্লেখ্য যে, এইসকল লোকে বহু লোকক ফোন কৰি লুণ্ঠন চলায়। কালি এই ঘটনাৰ লগত জড়িত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে। বৰ্তমানেও অব্যাহত থকা এই অভিযানত পাছলৈ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Also Read: ১০ টা নিউজ চেনেলৰ ১৪ গৰাকী এংকৰক বয়কট 'ইণ্ডিয়া'ৰ, বিজেপিৰ নিন্দা

Assam police