Advertisment

মঙলদৈত চাঞ্চল্য! পত্নীক দাৰে ঘপিয়াই নিজে ল'লে চৰম পন্থা

মঙলদৈত চাঞ্চল্য! পত্নীক দাৰে ঘপিয়াই নিজে ল'লে চৰম পন্থা

author-image
Asomiya Pratidin
New Update
মঙলদৈত চাঞ্চল্য! পত্নীক দাৰে ঘপিয়াই নিজে  ল'লে চৰম পন্থা

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিলে পত্নীক আৰু পাছত নিজে কৰিলে আত্মহত্য়া। এই ঘটনা মঙলদৈৰ নিকটৱৰ্তী বলপাৰাত।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি দুপৰীয়া ১২ মান বজাত বলপাৰাৰ গকুল বিশ্বাস নামৰ ২৮ বছৰীয়া লোকজনে নিজ পত্নী নিলীমা বিশ্বাসক দাৰে উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আহত কৰে।

পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিলীমা বিশ্বাসক লৈ অহাৰ সময়তে স্বামী গকুল বিশ্বাসে চিপ লৈ আত্মহনন কৰে। বৰ্তমান চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।

কি কাৰণত গকুল বিশ্বাসে এই ঘটনা সংঘটিত কৰিলে এতিয়াও পোহৰলৈ অহা নাই।পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব ঘটনৰ প্ৰকৃত ৰহস্য।

Also Read: নীটৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীয়ে ল'লে কঠোৰ সিদ্ধান্ত

Assam police