Advertisment

নীটৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীয়ে ল'লে কঠোৰ সিদ্ধান্ত

ৰাজস্থানৰ কোটাৰ পৰা আহিছে পুনৰ এক বেয়া খবৰ। নীটৰ প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীয়ে ল'লে চৰম সিদ্ধান্ত।

author-image
Asomiya Pratidin
New Update
নীটৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীয়ে ল'লে কঠোৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাৰ পৰা আহিছে পুনৰ এক বেয়া খবৰ। নীটৰ প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীয়ে ল'লে চৰম সিদ্ধান্ত। ছাত্ৰীগৰাকীৰ নাম সৌম্যা বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীয়ে নিজৰ কোঠাত ফাচী লগাই আত্মহত্যা কৰে।

Advertisment

এই ঘটনাৰ পাছতে সৌম্যাৰ পৰিয়ালৰলোক লক্ষ্ণৌৰ পৰা কোটালৈ আহিছে। তেওঁলোকে জনাই যে ছাত্ৰীগৰাকী অতি মেধাবী আছিল। অৱশ্যে কি কাৰণে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনাইছে যে, তাত কোনো এণ্টি-হেংগিং ডিভাইচ ইনষ্টল কৰা হোৱা নাছিল। আৰক্ষীয়ে জিলা প্ৰশাসনক এই কাৰ্যৰ বিষয়ে অৱগত কৰিছে।

কোটাত ছাত্ৰ-ছাত্ৰীৰ আত্যহত্যা কৰাৰ ঘটনা কম হোৱা নাই। আজিৰ পৰা দুদিন পূৰ্বে কোটাত আন এজন ছাত্ৰই আত্মহত্যা কৰিছিল। ২০২৪ চনত বৰ্তমানলৈকে কোটাত ৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

কোটাত আত্মহত্যাৰ ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰাও বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও এতিয়ালৈকে ৰোধ হোৱা নাই কোটাত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা।

Also Read: নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলত AFSPAৰ ম্যাদ বৃদ্ধি...

rajasthan kota