হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বক্তৃতানুষ্ঠান

হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বক্তৃতানুষ্ঠান

author-image
Asomiya Pratidin
New Update
হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বক্তৃতানুষ্ঠান

ডিজিটেল ডেস্ক : সমাজ-সংস্কৃতিৰ সব্যসাচী সত্বা হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্যোক্তাই জনোৱা অনুসৰি, হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থা,ইতিহাস বিভাগ আৰু অসম বিভাগৰ সহযোগত হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

Advertisment

আয়োজন সমিতিয়ে জনোৱা অনুসৰি অহা ২২ আগষ্টত দিনৰ ১১ বজাত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত এই বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব। হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠানৰ বিষয় হৈছে 'গহণ চন্দ্ৰ গোস্বামীৰ দেশাত্মবোধ আৰু সমকালীন সমাজ'।

এই বক্তৃতানুষ্ঠানত বক্তা হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট বক্তা তথা চিন্তাবিদ ময়ূৰ বৰাই। সেয়ে উদ্যোক্তাই উক্ত অনুষ্ঠানত যথা সময়ত,যথা স্থানত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Also Read: ভয়ংকৰ খহনীয়াৰ কবলত সুখচৰ-মলাখোৱা গাওঁ পঞ্চায়তৰ বৃহৎ এলেকা

darrang college