ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : জিলা আয়ুক্তই বুধবাৰে মানকাচৰৰ সুখচৰ আৰু মলাখোৱাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ আৰু মলাখোৱা এলেকাত বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়াই কেবাটাও চৰকাৰী অনুষ্ঠান ভাবুকিত পেলোৱাত বুধবাৰে হাটশিঙিমাৰী জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
উল্লেখযোগ্য যে সুখচৰ গাওঁ পঞ্চায়ত এলেকাৰ অধীনস্থ সুখচৰ, ফাত্তাপাৰা, বেৰাভাঙ্গা এলেকাৰ লগতে মলাখোৱা গাওঁ পঞ্চায়ত এলেকাৰ বৰবালুকে ধৰি কেইবাখনো গাঁৱত বৰলুতৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
ইতিমধ্যে মাত্ৰ কেইটামান দিনৰ ভিতৰত অৰ্ধশতাধিক পৰিয়ালৰ মাটি-ভেটি বৰলুইতৰ বুকুত জাহ যোৱাত পৰিয়াল কেইটা সপোনৰ ঘৰখন লৈ অন্য স্থানত স্থানান্তৰ হ'বলগীয়া হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা বাঁহৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যিমানেই বৃদ্ধি পাবলৈ ধৰিছে সিমানেই খহনীয়া বৃদ্ধি পাইছে। ফলত ঐতিহাসিক সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সুখচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সুখচৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়, সুখচৰ পশু চিকিৎসালয়কে ধৰি কেবাখনো চৰকাৰী বিদ্যালয় খহনীয়াৰ কবলত পৰিছে।
এইদৰে খহনীয়া অব্যাহত থাকিলে সুখচৰ আৰক্ষী থানাও খহনীয়াৰ কবলত পৰি বৰলুইতৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে। তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহন কৰা নহ'লে সুখচৰ গাওঁ পঞ্চায়তৰ লগতে মলাখোৱা গাঁও পঞ্চায়ত এলেকা প্ৰায় ১০০ শতাংশ মানচিত্ৰৰ বুকুৰ পৰা হেৰাই যাব।
লগতে উক্ত অঞ্চল নদীৰ বুকুত বিলীন হৈ প্ৰায় ২ কিলোমিটাৰ নিলগত থকা জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰতি ভাবুকি আহিব। সুখচৰ আৰু মলাখোৱা গাওঁ পঞ্চায়ত এলেকাৰ প্ৰায় ৬০ শতাংশ এলেকা ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
পৰিস্থিতি ভয়াৱহ হোৱাৰ বাবে আজি জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ, জিলা অতিৰিক্ত উপায়ুক্ত বন্নি ইনাম শ্বাদ্দাব, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, জল সম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াৰ দল কেতবোৰ অঞ্চল পৰিদৰ্শন কৰে। অঞ্চলসমূহ হৈছে- সুখচৰ, ফাত্তাপাৰা, বৰবালু, মলাখোৱা এলেকা পৰিদৰ্শন কৰে।
বেপাৰীপাৰা পাৰঘাটৰ পৰা এখন যন্ত্ৰচালিত নাৱযোগে জিলা আয়ুক্তসহ পৰিদৰ্শনকাৰী দলটো খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰাৰ পাচত সুখচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ সৈতে মত বিনিময় কৰে। আছুৰ নেতাৰ লগতে স্থানীয় ৰাইজে জিলা আয়ুক্তক খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়।
ইয়াৰ পাচত দলটো উভতাৰ পথত জিলা আয়ুক্ত সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, ‘আমি আজি খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছো। আমি খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ সৈতে তৎকালীনভাৱে আলোচনা কৰি পৰিকল্পনা প্ৰস্তুত কৰি খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চেষ্টা চলাম’ ।
জিলা আয়ুক্তই খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহন কৰাৰ আশ্বাস প্ৰদান কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।