/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/d611avll/AP FOR WEB.png)
ডিজিটেল ডেস্ক : ডি বি ষ্ট্ৰক ব্ৰকিঙৰ নামত প্ৰবঞ্চনাৰ জাল মেলা দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। বৃহস্পতিবাৰে যুৱতীগৰাকীক বিনিয়োগ কেলেংকাৰীৰ ঘটনাৰে জড়িতৰ অভিযোগত পল্টনবজাৰ থানাৰ ২৮৮/২০২৪ নং গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে আজিয়েই তেঁওক আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখ্য যে খাৰঘূলিৰ পৰা পাণবজাৰ আৰক্ষীয়ে আটক কৰিছিল যুৱতীগৰাকীক। তাৰ পাছতে পাণবজাৰ মহিলা থানাত ৰখা হৈছিল দীপাংকৰৰ প্ৰেয়সী তথা যুৱতীগৰাকীক।
ইতিমধ্যে আৰক্ষীৰ জেৰাৰ অন্তত বহু কথা প্ৰকাশ কৰিছে ধৃত দীপাংকৰৰ প্ৰেয়সীয়ে। জেৰাত এজন একাউণ্টেণ্টৰ নামো উল্লেখ কৰিছে দীপাংকৰৰ প্ৰেয়সী মনালিছা দাসে।
Also Read: উজনিত লুটিছে বিশালে...