দৰঙৰ ১২০ বছৰীয়া বৰসভাৰ লাইখুটা স্থাপন

দৰঙৰ ১২০ বছৰীয়া বৰসভাৰ লাইখুটা স্থাপন

author-image
Asomiya Pratidin
New Update
দৰঙৰ ১২০ বছৰীয়া বৰসভাৰ লাইখুটা স্থাপন

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ বেজপাৰাত অনুষ্ঠিত হ'ব এইবেলি দশম বৰসভাহ। প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই মহাবিষ্ণু যজ্ঞৰ লগতে বৰসভা। অহা ২১,২২,২৩,২৪ আৰু ২৫ ফেব্ৰুৱাৰী ২০২৪ত ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এইবেলী বৰসভাহ।

বৰসভাহৰ শুকুৰবাৰে লাইখুটা স্থাপন কৰে শিক্ষাবিদ ফুলেন্দ্ৰ নাথ চহৰীয়া আৰু বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাই। প্ৰায় ১ কোটি টকাৰ বাজেট হ'ব এই বৰসভাহত। মঙলদৈ সাংসদ দিলীপ শইকীয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা বৰসভাৰ সভাপতি গুৰু জ্যোতি দাসৰ লগতে প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকে এই লাইখুটা স্থাপন কাৰ্যসূচীত।

Also Read: 'লাচিত কেৱল যোদ্ধাই নহয়,অসমীয়া জাতিৰ প্ৰেৰণা আৰু সাহসৰ প্ৰতীক'- জয়ন্ত বৰুৱা...

mangaldoi