দৰঙৰ ৭ ৰোগীলৈ কৰুণাধাৰাৰ ৭৪ হাজাৰ টকা প্ৰদান...

দৰঙৰ ৭ ৰোগীলৈ কৰুণাধাৰাৰ ৭৪ হাজাৰ টকা প্ৰদান...

author-image
Asomiya Pratidin
New Update
দৰঙৰ ৭ ৰোগীলৈ কৰুণাধাৰাৰ ৭৪ হাজাৰ টকা প্ৰদান...

দৰঙৰ ৭ ৰোগীলৈ কৰুণাধাৰাৰ ৭৪ হাজাৰ টকা প্ৰদান...

ডিজিটেল সংবাদ মঙলদৈঃ কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত বুধবাৰে দৰঙৰ ৭ জন ৰোগীলৈ ৭৪ হাজাৰ টকা প্ৰদান কৰা হয়। এই উপলক্ষে দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দিনৰ ১১ বজাত হোৱা চেক প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই ৰোগীসকলক চেক প্ৰদান কৰি কৰুণাধাৰাৰ মহানতাক প্ৰশংসা কৰে।

Advertisment

তেওঁ লগতে মিছাহাটখোলাৰ প্ৰিয়াংশু ডেকাৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে বিশেষভাৱে সক্ষম তথা তবলা বাদক গজেন চহৰীয়াক চৰকাৰী কাৰ্যসূচীত তবলা বজোৱাত মনোনীত কৰাৰ অঙ্গীকাৰ কৰে।কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উপদেষ্টা হৰিচন্দ্ৰ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত সহকাৰী সম্পাদক শেখৰ মজুমদাৰ, সদস্য জিতুমণি চহৰীয়া, হেৰম্ব প্ৰসাদ কলিতা আদি উপস্থিত থাকে।

এই অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই শিঙিমাৰীৰ টুটুমণি বেগমক ১৫ হাজাৰ টকা, মিছাহাটখোলাৰ মিনতি ডেকাৰ সন্তান প্ৰিয়াংশু ডেকাক ৬ হাজাৰ টকা, সৰুথেকেৰাবাৰীৰ বিশেষভাৱে সক্ষম গজেন চহৰীয়াক ৯ হাজাৰ টকা, শইকীয়াপাৰাৰ বাসন্তী ডেকাক ১০ হাজাৰ টকা, গেৰিমাৰীৰ হেমচন্দ্ৰ ঠাকুৰীয়াক ১৫ হাজাৰ টকা, ছিপাঝাৰ ঢেঁকীপাৰাৰ বেবীমণি পাটগিৰিৰ ৯ হাজাৰ টকা আৰু ভেবাৰঘাট কলিতাপাৰাৰ গীতাঞ্জলি দেৱীক ১০ হাজাৰ টকা প্ৰদান কৰে বুলি সম্পাদক গণেশ দত্তই জনাইছে।

Also Read: 'টকা দি চাকৰি লোৱাৰ দিন এতিয়া নাই'- হিমন্ত বিশ্ব শৰ্মা

কৰুণাধাৰা