দৰঙৰ ৭ ৰোগীলৈ চেক প্ৰদান 'কৰুণাধাৰা' ৰ দৰং জিলা সহায়ক সমিতিৰ...

দৰঙৰ ৭ ৰোগীলৈ চেক প্ৰদান 'কৰুণাধাৰা' ৰ দৰং জিলা সহায়ক সমিতিৰ...

author-image
Asomiya Pratidin
New Update
দৰঙৰ ৭ ৰোগীলৈ চেক প্ৰদান 'কৰুণাধাৰা' ৰ দৰং জিলা সহায়ক সমিতিৰ...

দৰঙৰ ৭ ৰোগীলৈ চেক প্ৰদান 'কৰুণাধাৰা' ৰ দৰং জিলা সহায়ক সমিতিৰ...

ডিজিটেল সংবাদ মঙলদৈঃ ''কৰুণাধাৰাৰ জৰিয়তে ২০১১ চনৰ ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা যি এক হৃদয়ৰ আন্দোলন আৰম্ভ হৈছে, সেই আন্দোলন এতিয়া গাঁৱে ভূঞে বিয়পি পৰিছে। গাঁৱৰ হোজা লোকেও এশ টকা বৰঙণি কৰুণাধাৰালৈ আগবঢ়াই সন্তুষ্টি লাভ কৰিছে। যাৰফলত চলিত বৰ্ষৰ ৩১ মাৰ্চলৈ কৰুণাধাৰাই ৰাইজৰ সহযোগত বিশেষ ভাৱে সক্ষম আৰু জটিল ৰোগত আক্রান্ত ৰোগীক মুঠ ৪ কোটি ৫১ লাখ টকা আগবঢ়াই তেওঁলোকক জীয়াই থকাৰ প্ৰেৰণা যোগাইছে।''- এই ভাষ্য কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ মনোজ কুমাৰ শৰ্মাৰ।

Advertisment

বুধবাৰে মঙলদৈ য়ুথ ক্লাবত অনুষ্ঠিত কৰুণাধাৰাৰ চেক বিতৰণি সভাত তেওঁ এইদৰে কয়। কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ প্ৰধান সচিব গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে মুখ্য অতিথিৰ ভাষণত কৰুণাধাৰাই যি মানৱতাৰ কাম কৰিছে সেয়া অতুলনীয় বুলি উল্লেখ কৰি কয় যে, মানৱতাৰ এতিয়াও শেষ হৈ যোৱা নাই। সমাজত ভাল মানুহ থকাৰ বাবেই এতিয়াও সমাজখন ভাল হৈ আছে।

পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ লীনা শইকীয়া, কৰুণাধাৰাৰ দৰং জিলা সহায়ক সমিতিৰ অধ্যক্ষ মুকুল চন্দ্ৰ ডেকা, কাৰ্যকৰী অধ্যক্ষ শেখৰ মজুমদাৰ, বিত্ত সচিব গোলোক বৰা, শৈক্ষিক সচিব পবিত্ৰ হাজৰিকা, সদস্য প্ৰমোদ কুমাৰ শৰ্মা, যুতিকা নাথ, প্ৰদীপ চন্দ্ৰ দাস আদি উপস্থিত থকা এই অনুষ্ঠানত হাউলীমোহনপুৰৰ জেছমিন আৰা আহমেদ, গৰুখুঁটীৰ দিগন্ত ডেকা, হুছেইন চুবুৰীৰ আব্দুল মজিদক ৯ হাজাৰ টকাকৈ কলাইগাঁও টেঙাবাৰীৰ নিৰ্মালী চহৰীয়া বৰা, ভেবাৰঘাটৰ সোণটি দাস, চোট আঠিয়াবাৰীৰ আফজল আলী আৰু দুনী ভেৰুৱাৰ মনেশ্বৰী ডেকাক ১৫ হাজাৰ টকাকৈ মুঠ ৮৭ হাজাৰ টকা প্ৰদান কৰা হয়। কৰুণাধাৰাৰ এনে পদক্ষেপক ৰোগী আৰু উপস্থিত ৰাইজে প্ৰশংসা কৰিছে।

Also Read: ডিব্ৰুগড়ৰ পুৰণি বলাইত উদ্ধাৰ নাহৰফুটুকী পোৱালি...

মঙলদৈ