Advertisment

মহামায়া বনাঞ্চলত অৰণ্য সুৰক্ষা সমিতিৰ শগুণ জৰীপ

ওখ গছৰ সংখ্যা হ্ৰাস, উষ্ণতা বৃদ্ধি, খাদ্যৰ অভাৱ, খাদ্যৰ বিষক্ৰিয়া আদিৰ বাবে উক্ত প্ৰজাতিৰ শগুণ বিধৰ সংখ্যা কমি আহিছে

author-image
Asomiya Pratidin
New Update
মহামায়া বনাঞ্চলত অৰণ্য সুৰক্ষা সমিতিৰ শগুণ জৰীপ

ডিজিটেল সংবাদ,ধুবুৰী : বিশ্বৰ লুপ্তপ্রায় এবিধ আপুৰুগীয়া পখী হৈছে শগুণ। বৰ্তমান এই পখীবিধৰ মাথোন ৫ শতাংশহে বৰ্তি আছে। এই লুপ্তপ্রায় পখীবিধৰ কেবাটাও প্ৰজাতিৰ ভিতৰত অতি বিৰল প্ৰজাতিবিধ হৈছে বগাপিঠীয়া শগুণ।

Advertisment

গৌৰৱৰ বিষয় যে, মহামায়া বনাঞ্চলত এই বিৰল প্ৰজাতিৰ বগাপিঠীয়া শগুণ পোৱা যায়। প্ৰকৃতি সংগঠন 'অৰণ্য সুৰক্ষা সমিতি অসমে' মহামায়া বনাঞ্চলত প্ৰতি বছৰে শগুণ জৰীপ কৰি আহিছে। ২০২৪ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত সমিতিয়ে চলোৱা জৰীপমতে, মহামায়া বনাঞ্চলত ২৮ টা বগাপিঠীয়া শগুণ আছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০হৰিচৰণ দাসে কয় যে, এই ২৮টা শগুণৰ ভিতৰত এটা প্ৰব্ৰজনকাৰী শগুণো আছে। কিন্তু এইবছৰ হিমালয়ৰ পৰা অহা প্ৰব্ৰজনকাৰী শগুণৰ অস্তিত্ব মহামায়া বনাঞ্চলত দেখা পোৱা যোৱা নাই।

উল্লেখযোগ্য যে মহামায়া বনাঞ্চললৈ হিমালয়ান গ্ৰীফন নামৰ এক বিশেষ প্ৰজাতিৰ শগুণৰ প্ৰব্ৰজন হয়। ২০১১ চনত এইবিধ শগুণৰ ৪০ টাৰো অধিক সংখ্যক মহামায়া বনাঞ্চলত দেখা গৈছিল। কিন্তু ক্ৰমে এই প্ৰব্ৰজনকাৰী শগুণৰ সংখ্যা কমি অহা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত সমিতিয়ে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ওখ গছৰ সংখ্যা হ্ৰাস, উষ্ণতা বৃদ্ধি, খাদ্যৰ অভাৱ, খাদ্যৰ বিষক্ৰিয়া আদিৰ বাবে উক্ত প্ৰজাতিৰ শগুণ বিধৰ সংখ্যা কমি আহিছে বুলি সমিতিৰ সচিব প্ৰধান ড০হৰিচৰণ দাসে মত প্রকাশ কৰিছে। সমিতিৰ এই শগুণৰ জৰীপ কাৰ্য্যত অৰণ্য সুৰক্ষা সমিতিৰ মহামায়া শাখা আৰু মহামায়া শগুণ সংৰক্ষণ সমিতিৰ সদস্যসকলে অংশগ্রহণ কৰে।

Also Read: মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশকো কেৰেপ নকৰে নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে

Mahamaya survey Vulture