চৰৰ মানুহে লুঙী টুপী ক'ত পিন্ধে কংগ্ৰেছে ভালকৈ জানে- জয়ন্ত মল্ল বৰুৱা...

চৰৰ মানুহে লুঙী টুপী ক'ত পিন্ধে কংগ্ৰেছে ভালকৈ জানে- জয়ন্ত মল্ল বৰুৱা...

author-image
Asomiya Pratidin
New Update
চৰৰ মানুহে লুঙী টুপী ক'ত পিন্ধে কংগ্ৰেছে ভালকৈ জানে- জয়ন্ত মল্ল বৰুৱা...

চৰৰ মানুহে লুঙী টুপী ক'ত পিন্ধে কংগ্ৰেছে ভালকৈ জানে- জয়ন্ত মল্ল বৰুৱা...

ডিজিটেল সংবাদ মঙলদৈঃ ''কংগ্ৰেছ দল চৰৰ কাৰণে পাৰফেক্ট , চৰৰ মানুহে লুঙী টুপী ক'ত পিন্ধে সেইয়া ভালকৈ জানে।'' এইদৰে কংগ্রেছক উভতি ধৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।কংগ্ৰেছে চাঙে চাঙে ঘুৰাৰ আগতে অন্তত মিছিং মানুহৰ চাঙত কি পৰম্পৰা থাকে সেইয়া শিকি যাব লাগিছিল।

Advertisment

পৰম্পৰা নজনাৰ বাবে শিৰত ল'ব লগা কাপোৰ কংগ্ৰেছে ভৰিত ললে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি কংগ্ৰেছৰ নেতাসকলে বাংলাদেশী মিঞাক তোষামোদ কৰোতে কৰোতে অসমীয়া সংস্কৃতিয়ে পাহৰি যোৱাৰো অভিযোগ দিয়ে।

কংগ্ৰেছ দল চৰৰ কাৰণে পাৰফেক্ট , চৰৰ মানুহে লুঙী টুপী ক'ত পিন্ধে সেইয়া ভালকৈ জানে। সেয়ে কংগ্ৰেছ অসমীয়া মানুহৰ মাজলৈ যোৱাৰ বিপৰীতে চৰৰ মানুহৰ মাজলৈকে যাওক।

দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা মহিলাৰ ঋণ মুক্তিৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত এনৰদৰে প্ৰকাশ কৰে।

Also Read: 'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

কংগ্ৰেছ জয়ন্ত বৰুৱা