/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3c9316e9-2904-4503-98cc-dde794dfea23/23.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। চহৰখনৰ ওচৰৰে দেওমৰনৈৰ শিয়ালা বৈষ্ণৱ সত্ৰত জন্মাষ্টমী উপলক্ষে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে।
বুধবাৰে জন্মাষ্টমী উপলক্ষে শ শ ভক্তই পুৱাৰে পৰা সত্ৰখনত ভিৰ কৰিছে। উল্লেখযোগ্য যে, প্ৰতিবছৰে আড়াম্বৰপূৰ্ণভাৱে জন্মাষ্টমী অনুষ্ঠিত হৈ আহিছে । প্ৰতি বছৰে আজিৰ এই দিনটোত সত্ৰখনত বহু লোকৰ সমাগম হয় ।
Also Read: আৰক্ষী থানাৰ কাষতে থকা মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড