মঙলদৈ পৌৰ সভাৰ চাফাই কৰ্মীৰ পানীত ডুবি মৃত্যু

দেওবাৰে বিয়লি ভাগত মঙলদৈ পৌৰসভাৰ এজন নিষ্ঠাবান কৰ্মী জামিউল হুছেইনৰ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
মঙলদৈ পৌৰ সভাৰ চাফাই কৰ্মীৰ পানীত ডুবি মৃত্যু

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে বিয়লি ভাগত মঙলদৈ পৌৰসভাৰ এজন নিষ্ঠাবান কৰ্মী জামিউল হুছেইনৰ মৃত্যু হয়। নদীত মাছ মাৰিব গৈ মৃত্যুক সাবতি ল'লে জামিউল হুচেইনে।

Advertisment

জামিউলে লগৰীয়াৰ লগত মঙলদৈ নদীৰ ইছলামপুৰ মছজিদৰ সমীপত মাছ মাৰি থকা অৱস্থাত পানীত ডুবি মৃত্যু হয়। জামিউল এজন চাফাই কৰ্মীৰ ভাল মোহোৰা আছিল । জামিউলৰ মৃত্যুত মঙলদৈ পৌৰ সভাৰ লগতে মঙলদৈ ইছলাম পুৰত অঞ্চলত শোকৰ ছাঁ পৰে।

Also Read: জনতাৰ হাত চাপৰি, আৰক্ষীৰ গুলী! আজি ডিম্বেশ্বৰ মুছাহাৰী, কাইলৈ হয়তো আপুনি...