/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e5ddc4ea-9512-48d0-8390-c100316d7cb2/mangaldoi_29.jpg)
ইঞ্জিনীয়াৰ হ'বলৈ যোৱা কৌশিক ঘূৰি আহিল নিথৰ হৈ, চৌদিশে কান্দোনৰ ৰোল...
ডিজিটেল সংবাদ মঙলদৈঃ দেওবাৰে নিশা জালুকবাৰীৰ ভয়াৱহ পথ দুৰ্ঘটনাত নিহত হোৱা ৭ ছাত্ৰৰ অন্যতম কৌশিক কুমাৰ বৰুৱাৰ মৃতদেহ লৈ যোৱা হৈছে তেওঁৰ বাসগৃহলৈ। অতি কৰুণ মৃত্যুক সাৱটি কোৱা কৌশিক কুমাৰ বৰুৱাৰ ঘৰ মঙলদৈৰ জ্যোতিনগৰত।
মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ৰাজেন্দ্ৰ বৰুৱাৰ নাতি তথা ভৱজ্যোতি বৰুৱা আৰু ৰূপালী বৰুৱাৰ পুত্ৰ কৌশিকৰ মৃত্যুত সমগ্ৰ মঙলদৈতে শোকৰ ছাঁ পৰিছে।
আজি বিয়লি কৌশিকৰ মৃতদেহ তেওঁৰ বাসগৃহত পোৱাৰ লগে লগে লোকো লোকাৰণ্য হৈ পৰে বাসগৃহৰ চৌহদ। কান্দোনৰ ৰোল উঠে সমগ্ৰ কৌশকৰ বাসগৃহত।
তাৰ মাজতে মৃতকৰ ৰীতি, নীতি সম্পন্ন কৰাৰ পাছতে কৌশিকৰ মৃতদেহ মঙলদৈ ৰাজহুৱা স্মশানত শেষ কৃত্য সম্পন্ন কৰে।
Also Read: অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু হ'ল আৱৰ্জনা ! দিলে মুকলিকৈ গুলীওৱাৰ হুংকাৰ...