মঙলদৈত জল দীপাৱলী উদযাপন

মঙলদৈত জল দীপাৱলী উদযাপন

author-image
Asomiya Pratidin
New Update
মঙলদৈত জল দীপাৱলী উদযাপন

ডিজিটেল সংবাদ,‌ মঙলদৈ: ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান,মঙলদৈ পৌৰ সভা আৰু অম্যোতৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে মঙলদৈস্থিত জাইকা প্রকল্প প্ৰাংগণত অনুষ্ঠিত হয়। ৰাতিপুৱা ৯ বজাত মঙগদৈ পৌৰ সভাৰ পৰা এক বিশেষ শোভাযাত্ৰাৰে জাইকা প্ৰকল্পলৈ যাত্ৰা কৰে। তাৰ পিছত ১০.০০ বজাত অনুষ্ঠিত হয় এখন সভা।

Advertisment

উক্ত কাৰ্য্যসূচীত মঙ্গলদৈ পৌৰ সভাৰ অধীনত থকা ৩০ গৰাকী আত্মসহায়ক গোটৰ মহিলাই অংশগ্রহণ কৰে। পানীৰ বিশুদ্ধতা, সদ ব্যৱহাৰ আদি বিভিন্ন দিশৰ ক্ষেত্ৰত মহিলাসকলে পানীৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰত আলোচনা কৰে। জাইকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত এই জল দীপাৱলী কাৰ্য্যসূচী অনুস্থিত হয়।

পানীৰ ব্যৱহাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্য সন্মুখত লৈ 'মহিলাৰ বাবে পানী, পানীৰ বাবে মহিলা' শীৰ্ষক এক অনুষ্ঠান বৃহস্পতিবাৰৰ পৰা ৩দিনীয়াকৈ অনুষ্ঠিত হয়। কার্যসূচীত অংশ লোৱা মহিলাসকলক সমাজৰ বিভিন্ন স্তৰৰ লোকৰ ওচৰলৈ এই বাতাসমূহ লৈ যাবলৈ আহ্বান জনায়।

এই কাৰ্য্যসূচীত উপস্থিত আছিল গুৱাহাটীৰ অম্যোতৰ মিচনৰ নডেল বিষয়া নাতাশা কাকতি, মঙলদৈ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া ঈশানুৰ হুছেইন, জনসাস্থ কাৰিকৰী বিভাগৰ পৰাগ নাথ, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মঙলদৈৰ প্ৰকল্প প্ৰবন্ধক মানস দাস আৰু পৌৰ সভাৰ বিষয়া কৰ্মচাৰীসকল।

Also Read: বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...

jal dipawali