দৰঙত নিচাযুক্ত ঔষধ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস পালন

দৰঙত নিচাযুক্ত ঔষধ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস পালন

author-image
Asomiya Pratidin
New Update
দৰঙত নিচাযুক্ত ঔষধ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস পালন

দৰঙত নিচাযুক্ত ঔষধ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস পালন

ডিজিটেল সংবাদ, মঙলদৈ : বুধবাৰে জিলা সমাজ কল্যাণ বিভাগ, দৰঙৰ উদ্যোগত আৰু জিলা আইন সেৱা প্ৰাধিকাৰী, দৰঙৰ সহযোগত নিচামুক্ত ভাৰত অভিযানৰ লগত সংগতি ৰাখি মঙলদৈ বামুণপাৰাস্থিত পুনৰজীৱন নিচামুক্তি কেন্দ্ৰত "নিচাযুক্ত ঔষধ(ড্ৰাগছ)ৰ ব্যৱহাৰ আৰু অবৈধ সৰাবৰাহ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস" পালন কৰা হয় । নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকলৰ মাজত এটি স্বাস্থ্য সেৱা শিবিৰো অনুষ্ঠিত কৰা হয়।

Advertisment

আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে নিচাযুক্ত ড্ৰাগছৰ ব্যৱহাৰে সৃষ্টি কৰা সমস্যা আৰু ইয়াৰ ভয়াবহতা প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সামাজিক ব্যাধি প্ৰতিৰোধৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৱে সম্পূৰ্ণ সহযোগিতাৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব শতাব্দী ভূঞাই ড্ৰাগছৰ ব্যৱহাৰে যুৱ প্ৰজন্মক বিপথগামী কৰে আৰু এখন সুস্থ সমাজ গঢ়িবৰ বাবে ড্ৰাগছ সেৱন আৰু সৰাবৰাহ প্ৰতিৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা সমাজ কল্যাণ বিষয়া কোষেশ্বৰ বৰাই ।

অনুষ্ঠানত নিচা আৰু মাদক দ্ৰৱ্য নিৱাৰণী পৰিষদ, মঙলদৈৰ সহকাৰী সচিব অৰুণ বৰুৱা,দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ মুখ্য আইনী সাহাৰ্য প্ৰতিৰক্ষী অধিবক্তা মৃদুল কুমাৰ শৰ্মা, শিশু উন্নয়ন সুৰক্ষা বিষয়া শীলা দাসৰ উপৰিও সমাজ কল্যাণ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকল উপস্থিত থাকে ।

Also Read: নালাগে যাব ফাৰ্মাচী,চোতালতে আছে জীৱনদায়িনী...

MANGADAI