নালাগে যাব ফাৰ্মাচী,চোতালতে আছে জীৱনদায়িনী...

নালাগে যাব ফাৰ্মাচী,চোতালতে আছে জীৱনদায়িনী...

author-image
Asomiya Pratidin
New Update
নালাগে যাব ফাৰ্মাচী,চোতালতে আছে জীৱনদায়িনী...

ঔষধৰ লগত মানুহৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। সঁচা অৰ্থত ক'বলৈ গ'লে মানুহ এক প্ৰকাৰৰ ঔষধৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আপুনি এই ঔষধসমূহৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কেতিয়াবা চিন্তা কৰিছে নে? এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

Advertisment

আজিকালি মানুহৰ বাবে ঔষধ নে ঔষধৰ বাবে মানুহ এক চিন্তনীয় বিষয় হৈ পৰিছে। পূৰ্বতে মানুহে পুৱা উঠিয়ে হাতত লৈছিল একাপ ফিকা চাহ অথবা এগিলাছ গৰম পানী। কিন্তু সময় সলনিৰ লগে লগে আজিকালি মানুহে পুৱা উঠিয়ে হাতত লয় এটা গেছৰ, এটা ডায়বেটিচ,এটা ৰক্তচাপৰ ঔষধ।

আপুনি জানেনে আমি ৰোগ নিৰাময়ৰ বাবে সেৱন কৰা ঔষধৰ পৰা শৰীৰত অন্য ৰোগৰ উৎপত্তি হ’ব পাৰে। বহু সময়ত আমি কোৱা শুনো ঔষধ সেৱনৰ ক্ষেত্ৰত যথেষ্ট সাৱধনতা অৱলম্বন কৰিব লাগে। কাৰণ বহুখিনি এল'পেথিক ঔষধতে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকে।কেতিয়াবা এটা ঔষধৰ খেলিমেলিয়ে আপোনাৰ প্ৰাণ কাঢ়িব পাৰে। তাৰ পিছতো এই সন্দৰ্ভত চিন্তা কৰিবলৈ মানুহৰ আহৰি নাই।

কিন্তু মই আজি ক'ব বিচাৰিছো ঔষধৰ অবিহনেও আপুনি নিৰোগী হৈ থাকিব পাৰে। যদি আপুনি খাদ্যাভাসত ঘৰতে থকা কেইটামান থলুৱা খাদ্য অন্তৰ্ভুক্ত কৰে তেন্তে ই আপোনাক ৰোগ মুক্ত কৰি ৰখাত সহায় কৰে। আমি সদায় প্ৰাকৃতিক উপায়েৰে নিজক সুস্থ কৰি ৰখাৰ চেষ্টা কৰিব লাগে।

প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চল। প্ৰকৃতিয়ে আমাক এনে বহু অৱদান দিছে যিসমূহ সহজলভ্য। সকলোৰে ঘৰে ঘৰে উপলব্ধ। প্ৰকৃতিৰ অৱদান অসংখ্য ঔষধি গুণযুক্ত গছ-গছনি। আজি আপোনাক জনাম এল'ভেৰা বা চাল কুঁৱৰী,কেঁচা হালধি, মিথি আৰু মিথি শাক লগতে পুষ্টিকৰ উপাদানৰ ভঁৰাল অৰ্জুন গছৰ বিষয়ে।

এল'ভেৰা বা ছাল কুঁৱৰী- সৌন্দৰ্যৰ চৰ্চা বুলি ক'লে এল'ভেৰাৰ নাম সকলোৰে মুখে-মুখে। কিন্তু আপুনি জানেনে এল'ভেৰা সিমানেই শৰীৰৰ বাবেও উপকাৰী। ইয়াত ১২ বিধ ভিটামিন পোৱা যায়। লগতে এল'ভেৰাত পোৱা উপাদান সমূহ- ১৮ বিধ এচিড, ২০ বিধ খনিজ পদাৰ্থ,পুষ্টিযুক্ত পোষক দ্ৰব্য,এন্টিবায়টিক,এন্টিচেপ্টীক, এন্টি অক্সিডেনৰ লগতে বিষনাশক,বেক্টেৰিয়া পোৱা যায়।

এল'ভেৰাই ছাল বিভিন্ন সমস্যা যেনে শালমইনা,দাগ আঁতৰোৱাৰ লগতে ছালখন মসৃণ কৰে।

চুলিত থকা প্ৰধান প্ৰ'টিনবিধ হৈছে কেৰ'টিন। এল'ভেৰাত কেৰ'টিন সদৃশ দ্ৰব্য আছে,এইবিধে চুলি সতেজ,সজীৱ,কোমল কৰাৰ লগতে চুলি সৰা বন্ধ কৰাটো সহায় কৰে।

পেটৰ বিভিন্ন সমস্যা যেনে টেমুনা,আলছাৰ,পিত্ত ইত্যাদি ৰোগৰ প্ৰতিকাৰৰ বাবে এল'ভেৰাৰ ৰস খাব লাগে। লগতে শিশু কৃমি ৰোগত আক্ৰান্ত হ'লে এল'ভেৰা ৰস খোৱাব লাগে।

কাঁহ, চৰ্দীৰ সমস্যাত এল'ভেৰা ৰস মৌজোলৰ সৈতে মিহলাই খালে সুফল পায়

এল'ভেৰাৰ ৰসত অধিক এণ্টি-অক্সিডেণ্ট আছে। সেয়ে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ মাংসপেশী সবল কৰাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰতো এল'ভেৰা উপকাৰী।

কেঁচা হালধি- শুকান হালধিৰ তুলনাত কেঁচা হালধি যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। কাৰণ কেঁচা হালধিত এনে বহু গুণ পোৱা যায়, যিটো স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী। কেঁচা হালধিয়ে ফুলা,আঘাত পোৱা আদি সমস্যা আঁতৰ কৰে। কেঁচা হালধিত পোৱা উপাদান সমূহ- কেলচিয়াম,আইৰণ,মেগনেছিয়াম,জিংক আৰু বিভিন্ন ভিটামিন

কেঁচা হালধিৰ বহু পৰিমাণে কৰ্কট প্ৰতিৰোধী ক্ষমতা আছে । কেঁচা হালধিৰ ৰস সেৱন কৰিলে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয় ।

হালধি হৃদ ৰোগৰ বাবে উপকাৰী। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা বেয়া কলেষ্টৰলৰ পৰিমাণ হ্ৰাস পায়। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

হালধিয়ে ছালৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে।কেঁচা হালধি ৰস খালে বা মিশ্ৰণ লগালে ছালৰ উজ্জ্বলতা বাঢ়ে।লগতে শালমইনা আৰু দাগ আঁতৰোৱাতো সহায় কৰে।

মানুহৰ শৰীৰৰ যিকোনো ৰক্তজনিত ৰোগত হালধিৰ ৰসে ৰক্তশোধক হিচাপে কাম কৰে।হালধিৰ ৰসে তেজ পৰিষ্কাৰ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

যকৃতৰ ৰোগ নিৰাময় কৰাতো হালধিয়ে সহায় কৰে।পুৱা আৰু আবেলি কেঁচা হালধীৰ ৰস দুচামুচ আৰু গুৰি হ'লে দুচামুচৰ আধা খাব লাগে।

মিথি আৰু মিথি শাক- শৰীৰৰ কাৰণে বিভিন্ন উপকাৰী গুণেৰে সমৃদ্ধ মিথি। মিথি গুটি মানুহৰ দেহৰ কাৰণে যিমান উপকাৰী সিমানেই উপকাৰী মিথি শাক। মিথিৰ উপাদান সমূহ- মিনাৰেল, মেংগানিজ,কেলচিয়াম, জিংক,মেগনেছিয়াম, পটেছিয়াম, ফছফৰাছ,কাৰ্বহাইড্ৰেট,প্ৰ'টিনৰ লগতে বহু পৰিমাণে আঁহ

মিথি গুটিত প্ৰচুৰ পৰিমাণে আঁহ আছে যিয়ে হজম শক্তি বৃদ্ধি কৰে।মেথিয়ে শৰীৰত ইনচুলিন নিঃসৰণৰ স্তৰ বহু পৰিমাণে বৃদ্ধি কৰে। লগতে তেজৰ ইউৰিন আৰু গ্লুকোজ হ্ৰাস কৰাত সহায় কৰে। ফলত ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।

মেথি পানী আৰু মেথি শাক সেৱনে শৰীৰৰ পৰা বেয়া কলেষ্টৰল হ্ৰাস কৰাত সহায় কৰে।লগতে শৰীৰত লিপো বা বেয়া প্ৰ’টিন আৰু লিভাৰৰ পৰা উৎপন্ন হোৱা তৰল চৰ্বিযুক্ত খাদ্যৰ পৰা নিৰ্গত ট্ৰাইগ্লিচাৰাইডৰৰ মাত্ৰাও হ্ৰাস কৰে।

মিথি আৰু মেথি শাকে শৰীৰক বিষাক্ত পদাৰ্থ উলিয়াই দিয়ে। শৰীৰৰ চেনী শোষণ কৰাৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে। সেয়ে পুৱা খালি পেটত মেথি তিয়াই থোৱা পানী খালে লাহে লাহে হজমৰ সমস্যা আঁতৰ হয়।

এক গৱেষণাত জৰিয়কে পোৱা গৈছে যে মেথি ব্যৱহাৰ কৰিলে কৰ্কট ৰোগ হোৱাৰ আশংকা হ্ৰাস হয়। কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ৰন্ধনত মেথি ব্যৱহাৰ কৰা উচিত।

ওজন হ্ৰাস কৰিবলৈ মেথিৰ উপকাৰিতা অপৰিসীম। মেথিগুটি হৈছে লো, মেগনেছিয়াম, মেঙ্গানিজ, ভিটামিন-বিC6, প্ৰ’টিন, খনিজ, ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস। মেথি এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ বিদ্যমান। মেথিবীজত ‘গালাক্টোমান্নান’ নামেৰে জনাজাত ফাইবাৰ থাকে আৰু সহজে পানীত গলে। এই ফাইবাৰে ওজন হ্ৰাস কৰাত সহায় কৰে। ই শৰীৰৰ বিপাক ক্ৰিয়াবৃদ্ধি কৰে, যাৰ ফলত চৰ্বি হ্ৰাস হয় ।

বৰ্তমান অত্যাধিক ভেজাল খাদ্য সেৱনৰ বাবে আমাৰ পাচন তন্ত্ৰৰ নিৰন্তৰ অৱনতি ঘটে। লগতে পেটৰ বিভিন্ন সমস্যাও হয়। সেয়েহে, পাচন তন্ত্ৰ ভাল ৰাখিবলৈ দৈনিক মেথি আৰু আৰু মেথি শাক খাওক।

মেথি শাকে শৰীৰত হোৱা বিষ দূৰ কৰাত সহায় কৰে। গাঁঠিৰ বিষৰ বাবে ই যথেষ্ট উপকাৰী।

Also Read: পঢ়ক আৰু আম খোৱাৰ আগত এবাৰ চিন্তা কৰক!

chayanika saikia aloevera Benefits of fenugreek